পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত এইৰূপে ৰাজ্য গৈ কৰ পৃথিৱীত। নেজ়ানিব কেৱে তই হিত নে অহিত॥ বৰুৱাই কিন্ত্ত এই 'কানিক অভিশাপ দি দেশৰ দূৰ- ৱস্থা দেখি খেদ কৰিছে :-- কানি ভাং মদ ফটিকা আৰু ধোঁৱাপাত সকলোৰে মূৰত হওক বজ্ৰপাত। কেপা কানি বিহৰ শেষ, কানীয়াৰ নাই জ্ঞানৰ লেশ; হায় হায় কি ঘোৰ ক্লেশ, কানীয়াই খালৈ অসম দেশ। 09 বাহিৰে ং চং ভিতৰে কোৱা-ভাতুৰী আসাম কৰে। এই কিতাপত অসমীয়া সমাজক বিদ্ৰূপ কৰি সমাজৰ চলিত দোষবোৰ দেখুৱাবলৈ যত্ন কৰা হৈছে। ৺কালিৰাম বৰুৱাই লিখকৰ অনুমতিক্ৰমে কামাখ্যা পুস্তকালয়ৰ নিউজ যন্ত্ৰত এই কিতাপখনি ছপা কৰি প্ৰকাশ হৈমচন্দ্ৰ বৰুৱাই লিখিছে যে সকলো মানুহে আপোনাৰ ডাঙ্গৰ দোষক ঢাকি লোকৰ অলপকৈ ভৰি পিছলিলে তাক এহেজাৰ মুখেৰে বলকি ফুঁৰে আৰু আপোনাক শুচি, জ্ঞানী, ধৰ্মী আৰু আনক অশুচি, অজ্ঞানী আৰু অধৰমী বুলি ভবা কাৰ্যটো অসমীয়াৰ স্বভাৱসিদ্ধ। এই কথাৰ প্ৰমাণ স্বৰূপে গোবৰ্দ্ধন গোঁসাই (মহাজন), মৰ্কটেশ্বৰ ফুকন আৰু