পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫৬ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত পদুমলৈ চাই পাচে প্ৰভু চক্ৰপাণি। মেঘৰ-গম্ভীৰ-সুৰে বুলিলন্ত বাণী। মোৰ হাত হন্তে তই পৰিলি মাটিত। বৈকুণ্ঠৰ যুগই তই নহ কদাচিত॥ পৃথিবীত গৈ তই জনম ধৰিবি। আফ্ নামে জগতত সদা খ্যাত হবি॥ “আ” পদে আকাশ স্বৰগ নাম যাৰ। “ফু” পদে ফুলক বোলে, এই অৰ্থ তাৰ। দুই শব্দৰ অৰ্থ হয় স্বৰ্গৰ ফুল। এই হেতু হব তোৰ শকতি অতুল॥ নৰ, নাৰী, ৰজা, প্ৰজা, সাধু, মহাজন। সকলোৱে তৌক তাত কৰিব ভোজন॥ তোৰ ৰস যিতো লোকে নকৰিব সেৱা। সকলোৱে বুলিব তাক “অৰসিক ভেবা ঢোপৰ ভিতৰে তোৰ হব যত গুটি। তোৰ ৰসৰ বশ মনিচ তত কুটি॥ সোণৰ পতিৰ লগত মিলাই তোৰ এঠা। ধোঁৱা খাই পাহৰিব সংসাৰৰ লেঠা॥ যত কাল তই গতি কৰিবি নিবাস। মানহৰ নেথাকিব স্বৰ্গ অভিলাষ॥ তই এৰা মাত্ৰে গাত নেথাকিব তত। হামি-হাঁচি-কাহে কৰিব বিতত॥ অৰুচি, এলাহ আৰু কলা ঘুমটীয়া। চুৰ-কৰা, মিছা—কোৱা, তোৰ লগৰীয়া॥ তোৰ ৰসৰ বশ যিবিলাক লোক। সকলোকে এৰি ভজিব মাথোন তোক॥ ধন ধ্যান পুত্ৰ ভাৰ্য্যা এৰিব যদিও পাৰে। তোক এৰি এখন্তকো থাকিব নোৱাৰে॥ .