পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত ৫৫ কানীয়াৰ কীৰ্ত্তন এই পুথিখন তেওঁ অসমৰ সমাজৰ উপকাৰৰ অৰ্থে লিখিছিল। পুথিখন ধেমেলীয়া নাটব সাঁচত চলা। ই কানীয়াব কানি খোলাৰ এখন ফটফটীয়া চিত্ৰ। তাত তেওঁ সুন্দৰকৈ দেখুৱাইছে যে অসমীয়াই কানি খাই কিমান দৈহিক বল বীৰ্য্য আৰু আৰ্থিক অৱস্থা বেয়া কৰিছে। তাতে আকৌ উনুকিয়াই থৈছে যে ইংৰাজী পঢ়িলে যে পিতৃমাতৃক তৰ্পণ পিণ্ডাদি দিয়াৰপৰা বজ্জিত হয় সি কু ধাৰণা। এই ধাৰণা যিমান শীঘ্ৰে নাশ হয় তিমান মঙ্গল। কানি ভাং ইত্যাদি খোৱাৰ পক্ষে যে তেওঁ খড়গহস্ত হৈছিল তাক এই পুথিয়েই সুন্দৰকৈ দেখুৱায়। কানীয়াই কানি খাই নাগ্গং নবণ্ত্ৰং হয় আৰু ঘৰৰ কুটা মাটি বেচি কঙ্গাল হৈ চোৰ হবলৈ ধৰে। যি কানিৰ প্ৰচলন বন্ধ কৰিবলৈ আজি কুৰিশতিকাত দেশ জুবি আন্দোলন চলিছে সেই কানিয়ে অসমীয়াক কিদৰে সৰ্ব্বনাশ কৰিছে তাব বিৱৰণ থকা এই পুথি ইং ১৮৬১ খৃষ্টাব্দতে প্ৰকাশিত হৈছিল। কানীয়াই কানিৰ উৎপত্তি আৰু লক্ষণ এইদৰে প্ৰকাশ কৰিছে ঃ— “স্বৰগত আছিল বহি প্ৰভু চিৰীহৰি। চাৰিহাতে শংখ-চক্ৰ-গদা-পদুম ধৰি॥ পদুমৰ পাহি সবি মাটিত পৰিল। তাৰ ভৰত স্বৰ্গ-মৰ্ত্ত্য-পাতাল লৰিল।