পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত আৰু আৱশ্যকীয় কৰ্ম্ম সুকলমে সম্পাদন হোৱাত দেশব নিশ্চয় গৌৰব বাঢ়িছে। ৫৪ পঢ়াশলীয়া অভিধান হেমচন্দ্ৰ বৰুৱাই “অসমীয়া পঢ়াশলীয়া অভিধান আৰু সংক্ষিপ্ত হেমকোষ” † নামে প্ৰথমতে দুখন অভিধান বচে। পড়াশলীয়া অভিধান এতিয়া ছপা হৈ আছে। কিন্তু সংক্ষিপ্ত হেমকোষ আৰু এতিয়া পাবলৈ নাই। ইয়াত শব্দবিলাকৰ মূল সমাৰ্থক শব্দ আৰু খণ্ডবাক্য নাই। কিন্তু অসমীয়া আৰু ইংৰাজী দুয়ো ভাষাৰ অৰ্থ আছিল। পঢ়াশলীয়া অভি ধানত বহুত শব্দ আছে আৰু ইয়াক এখন ভাল অভিধান বুলিব পাৰি। ৺হেমচন্দ্ৰ বৰুৱাই নিজে লিখিছে “ইয়াক বদিচ পঢ়াশলীয়া অভিধান নাম দিয়া গৈছে তথাপি সম্পতি গাৱঁলীয়া পঢ়াশালিত ব্যবহৃত পুথিবোৰত থকা বাহিৰেও ইয়াত বিস্তৰ অসমীয়া শব্দ আছে প্ৰতিশব্দ বা ব্যাখ্যাৰ দ্বাৰা যি শব্দৰ অৰ্থ ভালকৈ হৃদয়ঙ্গম নহয় তাক যি ভাবত ব্যৱহাৰ কৰা যায় তাৰ উদাহৰণ দি বুজাবলৈ চেষ্টা কৰা হৈছে।” শব্দবিলাকৰ আৰু অকল t সাহিত্য বুৰঞ্জী পৃঃ ২১২