পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চবিত কালব কবাল হাতৰপৰা ৰক্ষা পবা টান আছিল। অসমীয়া জাতি আবু অসমীয়া ভাষা পৃথিবীত থাকে মানে, “হেমকোষ” স্বৰ্গীয় হেমচন্দ্ৰ বকৱাৰ যুগমীয়া কীৰ্ত্তিৰ ধ্বজা স্বৰূপে সাহিত্য- আকাশত চিবকাল উৰি থাকিব। এনে এটা জাতীয় সম্পত্তি ৰক্ষা কৰা কামত অলপ হাত-উজান দিব পৰা বাবে লিখকে নিজকো কম ভাগ্যবান বুলি বিবেচনা কৰা নাই।” আবূ এটি উল্লেখ কৰিব লগীয়া কথা এই যে হেমকোষ প্ৰকাশ কাৰ্য্যত আসাম উপত্যকাৰ কমিচনৰ কৰ্ণেল পি, আব, টি, গৰ্ডনৰ যত্নও কোনো প্ৰকাৰে অসমীয়া বাইজে পাহৰিব নোৱাৰে। অসমত বৃটিচ শাসনৰ লগে লগে কেইবাজনো ইংৰাজ মহৎলোকে অসম আৰু অসমীয়াৰ অশেষ উপকাৰ কৰি গৈছে। চাৰ জৰ্জ কেম্পবেলে অসমত পুনৰ অসমীয়া ভাষা প্ৰচলন কৰিলে, চাৰ হেন্‌ৰি কটনে অসমত উচ্চ শিক্ষাব পথ মোকলাই দিলে, চাৰ বেমফিল্ড ফুলাৰে অসমীয়া ভাষাক বিশ্ববিদ্যালয়ৰ উচ্চ মহলালৈ তুলি দিলে, মহামান্য আৰ্ল বাহা- দুৰে অসমত আৰ্ল কলেজ স্থাপন কৰিলে আৰু অসমৰ প্ৰাচীন লুপ্ত পুথি সংগ্ৰহ কৰালে; পূজনীয় গেইট চাহাবে অসমীয়াৰ প্ৰকাণ্ড বুৰঞ্জী গঢ়ি দিলে, কৰ্ণেল পি, আৰ, টি, গৰ্ডনে দেশৰ অন্যান্য হিতকৰ কামত বাদেও “হেমকোষৰ” নিচিনা বৃহৎ অভিধান সম্পাদন কৰিলে। এখন উপত্যকাৰ দুৱলীয়া অধিকাৰী হৈও নানা কাজ কৰ্ম্মে জুমুৰি দি থকাতো তাৰে ভিতৰত সময় উলিয়াই প্ৰায় এহেজাৰ পৃষ্ঠাৰ কুৰি হেজাৰতকৈও অধিক শব্দ থকা প্ৰখন বৃহৎ অভিধান গ্ৰন্থ বিদেশী ভাষাত সম্পাদন কৰা যে কিমান দুৰূহ তাক সহজেই অনুমান কৰিব পাৰি। এনে বৃহৎ