পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৫২ হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত ৰাখিব আৰু তেওঁক আৰু ডাঙ্গৰ কৰিবৰ নিমিত্তে ঈশ্বৰক ওচৰত প্ৰাৰ্থনা কৰিব। মিষ্টাৰ গেইটৰ প্ৰস্থানৰ লগতে “হেমকোষ’ ছপাৰ কথা একেবাৰেই তল পৰি যায়। ভূভুইকঁপত গবৰ্ণমেন্টৰ ইমান ক্ষতি হল, গবৰ্ণমেন্টে যে আকৌ “হেমকোষ” ছপা কৰাই উলিয়াব এনে আশাই নাছিল। মিষ্টাৰ গেইট যোৱাৰ পাছত ১৮৯৮ চনৰ এপ্ৰিল মাহৰপৰা কৰ্ণেল গৰ্ডন (তেতিয়া কেপ- টেইন) আসামৰ Honorary Director of Ethno- graphy নিযুক্ত হয় আৰু তেতিয়া “হেমকোষ” সম্পাদনৰ ভাৰ তেখেতৰ আৰু এই লিখকৰ ওপৰত পৰে। শ্বিলঙ্গৰও গবৰ্ণমেন্টৰ প্ৰেছৰ অনেক হানি হোৱাত কলিকতাৰ বেপটিষ্ট মিচন প্ৰেছৰপৰা হেমকোষ ছপাবৰ ঠিক কৰা হল। সকলো ঠিক হল হয়, কিন্তু কৰ্ণেল গৰ্ডন গুৱাহাটীত আৰু লিখক ডিব্ৰুগৰত, সেই বাবে প্ৰুফ সংশোধন কৰাত নানা অসুবিধা হবলৈ ধৰিলে। তেতিয়া কৰ্ণেল গৰ্ডনে গবৰ্ণমেন্টলৈ লিখি লিখকক গুৱাহাটীলৈ বদলি কৰায় আৰু দুয়োজন যুটীয়া সম্পাদকৰ অশেষ পৰিশ্ৰমৰ ফলত ১৯০০ চনৰ আগষ্ট মাহত “হেমকোষৰ” ছপা কাম শেষ হয়। হেমকোষৰ হাতে লিখা কপিখন কেনেকৈ তাপলিব ওপৰত তাপলি মৰা আছিল তাক পূৰ্ৱেই কোৱা হৈছে। ভূইকঁপত ইটা মাটিৰ তলত অনেক দিন পৰি থকাত আৰু বৰষুণত তিতাত তাৰ অৱস্থা দেখি- লেই জ্বব উঠা হৈছিল আৰু তেনেকুৱা কপিৰ লগত মিলাই অভিধানৰ নিচিনা এখন কিতাপৰ প্ৰুফ চোৱাটো যে কিমান টান কাম আছিল, তাক আনক বুজাবলৈ যোৱা মিছা। অসমীয়া ভাষাৰ ওপৰত ভগৱানৰ বিশেষ কৃপা নথকা হলে, এইদৰে ওপৰাউপৰি বিপদে জাঙ্গল খাই ধৰাতো “হেমকোষ”