পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চবিত ফটা-চিটা আৰু জুকলা অৱস্থাত, ভগা ঘৰব তলত পোৱা গৈছে। এই বাতৰি পাই স্বৰ্গ পোৱাদি পালে আৰু ঈশ্বৰক অশেষ ধন্যবাদ দিলে। মিষ্টাৰ গেইটে হেনো গবৰ্ণমেন্টৰ কাগজপত্ৰবিলাক ভগা ঘৰৰ তলৰপৰা উলিয়াবৰ নিমিত্তে বৰষুণত তিতি, বোকাত লুতুৰি- পুতুৰি হৈ, নিজ হাতে লাগিছিল। মিষ্টাৰ গেইটৰ পৰিশ্ৰমৰ ফলত “হেমকোষ” যমৰ ঘৰৰপৰা ঘূৰি আহিল হয় কিন্তু অলপ দিনৰ শিছতে তেওঁ চিৰকালৰ নিমিত্তে আসামৰপৰা বিদায় ললে। ১৮৯৭ চনৰ ৪ নবেম্বৰ তাৰিখে মিষ্টাৰ গেইটে আসাম এৰি যাওঁতে লিখকলৈ লিখিছিল। অদম্য I am very sorry to leave Assam, but shall never forget it, and shall always be greatly interested in what goes on there. I am taking all the recently translated Bura- ngis &c. with me and hope to work them up into a history of the province when I go on furlough next year." ৫১ এক দম জাবৰব লিখকে হাততে মিষ্টাৰ গেইটে চিৰকালৰ নিমিত্তে আসাম এৰি যোৱাত এই দেশৰ কি অনিষ্ট হল তাক কৈ শেষ কৰিব নোৱাৰি! তেওঁৱেই প্ৰথমতে এই দেশৰ সম্বন্ধে ৰীতিমতে ঐতিহাসিক অনুসন্ধানৰ কাম আৰম্ভ কৰে আৰু তেওঁৰ যত্নতে “হেমকোষ” প্ৰকাশিত হয়। তেওঁ আন দেশত অনেক গুৰুতৰ কামত আবদ্ধ থাকিও আসামৰ এখন ডাঙ্গৰ বুৰঞ্জী লিখে। ঈশ্বৰৰ অনুগ্ৰহত তেওঁ আজি বিহাৰ আৰু উৰিষ্যাৰ সৰু লাটৰ গাদিত বহিও আসাম আৰু অসমীয়ালৈ পাহৰা নাই। মীয়া জাতিয়েও চাৰ এডওৱাৰ্ড গেইটৰ উপকাৰ চিৰদিন মনত অস-