পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত ১৮৯৭ চনৰ জানুৱাৰি মাহতে “হেমকোষ”ৰ ছপা আৰম্ভ হয়; কিন্তু হেমকোষত শব্দৰ উচ্চাৰণ বুজোৱা কিছুমান বিশেষ চিন ব্যৱহাৰ কৰা হৈছিল; সেই চিন থকা আখৰবিলাক গবৰ্ণমেন্টৰ ছাপাখানাত নথকা বাবে, লিখি নকৈ কটাব লগোৱা হোৱাত কিছুমান দিনৰ নিমিত্তে “হেমকোষৰ” ছপা বন্ধ থাকিব লগীয়া হৈছিল। সেই আখৰবোৰ আহি পোৱাৰ পাছত দুই কি এফৰ্ম্মাৰ প্ৰুফ চোৱা হওঁতেই, ১৮৯৭ চনৰ জুনৰ ডাঙ্গৰ ভূইকঁপ আহে। এই ভুইকঁপত শ্বিলঙ্গৰ সকলো অফিচৰ ঘৰ ভাগি চূৰ্ণাকৃত হয় আৰু ছাপাখানাৰ ঘৰ ভাগি অনেক মানুহো আৰু আন অনেক কাগজ-পত্ৰ ও একেবাৰেই ন'ট হয়। এই ভূঁইকঁপৰ নিমিত্তে শ্বিলঙ্গত সকলো ন-পাতন হব লগীয়া হল। এমাহ মানৰ পাছত লিখকে মিষ্টাৰ গেইটলৈ “হেমকোষ”ৰ অৱস্থা কি হল জানিবৰ নিমিত্তে সোধাত, মিস্টাৰ গেইটে উত্তৰ দিলে যে “হেমকোষৰ” কপিখন বিচাৰি পোৱা নগল্প।” এই বাতৰি পাই লিখকৰ মনৰ অৱস্থা কেনে হলে তাক সহজে অনুমান কৰিব পাৰি। তেওঁৱেই পূৰ্ব্বৰেপৰা লাগি ভাগি গবৰ্নমেন্টৰ হাতত “হেমকোষ” দিওৱাত; “হেমকোষ” নষ্ট হোৱাৰ বাবে তেৱেঁই সম্পূৰ্ণ দায়ী এনে ভাব হোৱাত তেওঁৰ মনত অলপো। শান্তি নোহোৱা হল; আৰু “হেমকোষ”ৰ নষ্টত অসমীয়া ভাষা আৰু সাহি- ত্যৰ কি সৰ্ব্বনশীয়া হানি হল, তাক ভাবি তেওঁ আৰু মনকষ্ট পাবলৈ ধৰিলে। ভুইকঁপৰ ঠিক পিছতে লিখকৰ প্ৰথম পুত্ৰৰ মৃত্যু হয়; কিন্তু বৰপো মৰাত তেওঁ যিমান বেজাৰ পোৱা নাছিল, “হেমকোষ” নষ্ট হোৱাৰ বাতৰিত তিমান বেজাৰ পালে। এইদৰে এমাহ মান থাকোঁতেই এদিন মিষ্টাৰ গেইটৰপৰা চিঠি পালে যে হাতে লিখা হেমকোষখন নিচেই ৫০