পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(৬)


তেওঁ অসমীয়া ভাষাক সাজ-অলঙ্কাৰ পিন্ধাই ধুনীয়া কবি সাহিত্য-সেৱকসকললৈ বাট মুকলি আৰু ফটফটীয়া কৰি গৈছে।

 হেমচন্দ্ৰই পঢ়াশালিৰ কোনো মহলাত নুঠাকৈ নিজৰ প্ৰতিভা আৰু পুৰুষাৰ্থৰ বলত সংস্কৃত, ইংৰাজী, বঙালী আদি ভাষা আয়ত্ত কৰি চৰকাৰী চাকৰিত ব্যাপত থাকিও মাতৃভাষা চৰ্চাক জীৱনৰ ব্ৰতস্বৰূপে ব্যাকৰণ আৰু অভিধান ৰচনা কৰি তেওঁ অসমীয়া ভাষাৰ অধিনায়ক হ’ল। জীৱনীকাৰ সৰ্ব্বেশ্বৰ শৰ্মা কটকীৰ ভাষাৰে কব পাৰি, তেওঁ বীৰ আছিল কাপেৰে ৰণ কৰা; ৰাজ্য জয় কৰিছিন্ন ভাষা ক্ষেত্ৰত, শত্ৰু দমন কৰিছিল নিজ মাতৃভাষাৰ বিপক্ষীসকলক আৰু পতাকা উৰাইছিল স্বতন্ত্ৰ অসমীয়া ভাষাৰ” (পৃঃ ৫)।

 হেমচন্দ্ৰই মিছনেৰীসকলৰ বৰ্ণবিন্যাস ৰীতি সমৰ্থন কৰা নাছিল আৰু তাৰ সংশোধনৰ অৰ্থে যত্ন কৰি তেওঁ কৃতকাৰ্য্যও হৈছিল। আমেৰিকান বেপ্ টিষ্ট মিছনেৰীসকলে ‘অৰুণোদয়’ কাকতৰ বৰ্ণবিন্যাস ৰীতি সলনি কৰা আৰু হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া ব্যাকৰণ ( ১৭৮০ শক ) প্ৰকাশ কৰা কথাই তাৰ প্ৰমাণ। তেওঁৰ হেমকোষ কীৰ্তিস্তম্ভ। তেওঁ পঢ়াশলীয়া অভিধানৰ পাতনিত লিখিছে, “...যদিও শিৱসাগৰৰ মিস্যনেৰিবিলাকে এই ভাষাৰ এখনি অভিধান যুগুত কৰিবলৈ বিস্তৰ দিন যত্ন কৰি বহুত শব্দ গোটোৱাত ১৮৬৭ খ্ৰীষ্টিয়ান শকত পাদ্ৰি ব্ৰন্সন চাহাবে তাক সমস্ত কৰি ছপালে; কিন্তু তাৰ বৰ্ণবিন্যাস সমূলি অশুদ্ধ আৰু অৰ্থৰ কাৰ্য্যতো সি যেনে হব লাগে তেনে নোহোৱা হেতু অসমীয়া শিকোঁতাবিলাকৰ তাৰ পৰা একো হোৱা নাই, আৰু নহয়ো।