পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত প্ৰকৃতিকে লৰোৱা হব। লিখকৰ কথা শুনি মিষ্টাৰ গেইটে তেওঁৰ মত পৰিবৰ্ত্তন কৰি পাদূৰী চাহাবলৈ আন ৰকমে উত্তৰ দিলে আৰু “হেমকোষো” এই হবখোজা বিপদৰপৰা ৰক্ষা পৰিল। 85 অতবোৰ কাণ্ডকাৰখানাৰ পাছত মিষ্টাৰ গেইটে, “হেম- কোষ” গবৰ্ণমেন্টে ছপা কৰোৱা যে নিতান্ত উচিত এই সম্বন্ধে অনেক যুক্তি দেখুৱাই গবৰ্ণমেণ্টৰ ছাপাখানাৰপৰা তাক প্ৰকাশ কৰিবলৈ অনুমতি খুজিলে। তেতিয়া চাৰ উইলিয়েম ওৱাৰ্ড অসমৰ চীফ কমিচনৰ আছিল; তেখেতে মিষ্টাৰ গেইটৰ সকলো যুক্তি দলিয়াই পেলাই একেবাৰেই লিখি দিলে যে গবৰ্ণমেন্টে “হেমকোষ” ছপোৱাৰ একো আৱশ্যক নাই। চাৰ উইলিয়েম ওৱাৰ্ড যদিও অসমত বহুত দিন আছিল, তথাপি তেখেতে অসমীয়া ভাষাৰ একো খবৰ কৰা নাছিল আৰু সেইগুণে তাৰ ওপৰত তেওঁৰ বিশেষ মৰম থাকিবৰো কথা নাছিল। চীফ- কমিচনৰ বাহাদুৰৰ এই হুকুম দেখি “হেমকোষৰ” ভবিষ্যত সম্বন্ধে আমাৰ আৰু বুজিবলৈ একো বাকী নেথাকিল। এই হুকুম দেখি মিষ্টাৰ গেইটো যে অলপ চিন্তিত নহৈছিল তেনে নহয়। মিষ্টাৰ গেইট কিন্তু আগৰেপৰা এনে প্ৰকৃতিৰ মানুহ আছিল যে তেওঁ এবাৰ কোনো এটা কথা ভাল বুলি জানি হাতত ললে, তাক সহজে এৰি নিদিয়ে। কেই দিন মানৰ পাছত মিষ্টাৰ গেইটে “হেমকোষ” সম্বন্ধে ফাইলটো নিজে লৈ গৈ চীফকমিচনৰক নানা ভাবে বুজাই গবৰ্ণমেন্টৰ খৰচত “হেমকোষ” ছপা কৰিবৰ হুকুম ললে। চীফকমিচনৰ চাহাবৰ বঙ্গলাৰপৰা ঘূৰি আহিয়েই কি তেওঁ লিখকক মাতি এই সুখবৰ দিলে আৰু কলে যে তেওঁ বহুত কষ্টেৰেহে চীফকমিচনৰৰ মত পৰিবৰ্ত্তন কবি, হেমকোষ ছপোৱাৰ হুকুম আনিব পাৰিলে। এই হুকুম হোৱাৰ কিছুদিন পাছতে এই প্ৰৱন্ধৰ লিখক ডিবু-