সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৭
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত

তেওঁক বিশেষ ভাবে অনুৰোধ কৰি কয় যাতে তেওঁ মিষ্টাৰ গেইটৰ লগত দেখা কৰি “হেমকোষৰ” বিষয়ে কথা উলিয়াই, তেওঁক “হেমকোষ” লৰচৰ নকৰাকৈ ছপা কৰিবলৈ কয়। বকৰা ডাঙ্গৰীয়াই মিষ্টাৰ গেইটৰ লগত দেখা কৰি “হেমকোষ” লৰচৰ কৰাৰ বিৰুদ্ধে লিখকে কোৱাদি কোৱাতহে মিষ্টাৰ গেইটে সেইটো সকলো অসমীয়া মানুহৰ মত বুলি ভাবিলে। তেওঁ তেতিয়া এই সিদ্ধান্ত কৰিলে যে যদি গবৰ্নমেন্টে “হেমকোষ” প্ৰকাশ কৰিবলৈ গাত লয়,তেতিয়া তাক কাৰো হতুৱাই সংশোধন নকৰোৱাকৈয়ে ছাপা কৰিব।

 যেনে তেনে মতে এই বিপদৰ হাত সৰা গৈছে মাথোন এনেতে নগাৱঁৰ এজন পাদূৰী চাহাবে মিষ্টাৰ গেইটলৈ এখন চিঠি লিখি প্ৰস্তাৱ কৰে যে গবৰ্ণমেন্টে অভিধানখন ছপালে যেন তাৰ আখৰ-জোঁটনি ৰেভেৰেণ্ড ব্ৰঞ্চন চাহাবৰ অসমীয়া অভিধানৰ আৰ্হিৰে কৰা হয়; কিয়নো সেই অভিধানত যি উচ্চাৰণ অনুসাৰে আখৰ-জোঁটোৱা হৈছে সেয়ে সৰল, স্বাভাবিক আৰু বৈজ্ঞানিক প্ৰণালীৰ। মিষ্টাৰ গেইটে এই চিঠি পাই পাদূৰী চাহাবৰ মত বৰ সাৰুৱা আৰু “হেমকোষত” সেই প্ৰণালীৰ আখৰ জোঁটনি চলাবলৈ চেষ্টা কৰা হব বুলি উত্তৰ দিলে। এই চিঠিখন ডাকত দিয়াৰ আগতে লিখকৰ চকুত পৰাত তেওঁ ততালিকে তাক মিষ্টাৰ গেইটৰ ওচৰলৈ লৈ গৈ তেওঁক বুজাই কয় যে অসমীয়া ভাষাত আখৰ জোঁটনি অকল উচ্চাৰণৰ ওপৰত নিৰ্ভৰ নকৰি তিনটা নিয়মৰ ওপৰত নিৰ্ভৰ কৰে; কিছুমান শব্দৰ আখৰ জোঁটনি উচাৰণৰ দৰে কৰা হয় আৰু কিছুমান শব্দৰ মূল অনুসৰি কৰা হয় আৰু কিছুমান শব্দৰ পুৰণি দস্তুৰ অনুসৰি কৰা হয়। হেমচন্দ্ৰ বৰুৱাই, হেমকোষতো এই তিনি নিয়মেৰেই আখৰ জোঁটনি কৰিছে। ইয়াৰ লৰচৰ কৰিলে অসমীয়া ভাষাৰ