পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত তেওঁক বিশেষ ভাবে অনুবোধ কবি কৰ যাতে তেওঁ মিষ্টাৰ গেইটৰ লগত দেখা কবি “হেকোষব” বিষয়ে কথা উলিয়াই, তেওঁক “হেমকোষ” লবচৰ নকৰাকৈ ছপা কৰিবলৈ কয়। বকৰা ডাঙ্গবীৰাই শিষ্টাৰ গেইটৰ লগত দেখা কবি “হেনকোষ” লৰচৰ কৰাৰ বিৰুদ্ধে লিখকে কোৱাদি কোৱাতহে নিষ্টাব গেইটে সেইটো সকলো অসমীয়া মানুহৰ মত বুলি ভাবিলে। তেওঁ তেতিয়া এই সিদ্ধান্ত কবিলে যে যদি গবৰ্নমেন্টে “হেম- কোষ” প্ৰকাশ কৰিবলৈ গাত লয়,, তেতিয়া তাক কাৰো হতুৱাই সংশোধন নকৰোৱাকৈয়ে ছাপা কবিব। যেনে তেনে মতে এই বিপদব হাত সৰা গৈছে মাথোন এনেতে নগাৱঁ’ব এজন পাদূৰী চাহাবে মিষ্টাৰ গেইটলৈ এখন চিঠি লিখি প্ৰস্তাৱ কৰে যে গবৰ্ণমেন্টে অভিধানখন ছপালে যেন তাৰ আখৰ-জোঁটনি বেভেৰেণ্ড বঞ্চন চাহাবৰ অসমীয়া অভিধানৰ আৰ্হিবে কৰা হয়; কিয়নো সেই অভিধানত যি উচ্চাৰণ অনুসাৰে আথব-জোঁটোৱা হৈছে সেয়ে সৰল, স্বাভাবিক আৰু বৈজ্ঞানিক প্ৰণালীৰ। মিষ্টাৰ গেইটে এই চিঠি পাই পাদূৰী চাহাবৰ মত বৰ সাৰুৱা আৰু “হেমকোষত” সেই প্ৰণা- লীৰ আখৰ জোঁটনি চলাবলৈ চেষ্টা কৰা হব বুলি উত্তৰ দিলে৷ এই চিঠিখন ডাকত দিয়াৰ আগতে লিখকৰ চকুত পৰাত তেওঁ ততালিকে তাক মিষ্টাৰ গেইটৰ ওচৰলৈ লৈ গৈ তেওঁক বুজাই কয় যে অসমীয়া ভাষাত আখৰ জোঁটনি অকল উচ্চাৰণৰ ওপৰত নিৰ্ভৰ নকৰি তিনটা নিয়মৰ ওপৰত নিৰ্ভৰ কৰে; কিছুমান শব্দৰ অংখৰ জোঁটনি উচাৰণৰ দৰে কৰা হয় আৰু কিছুমান শব্দৰ মূল অনুসৰি কৰা হয় আৰু কিছুমান শব্দৰ পুৰণি দত্তৰ অনুসৰি কৰা হয়। হেমচন্দ্ৰ বৰুৱাই, হেমকোষতো এই তিনি নিয়মেৰেই আখৰ জোঁটনি কৰিছে। ইয়াৰ লৰচৰ কৰিলে অসমীয়া ভাষাৰ 89