পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৪৬ হেমচন্দ্ৰ বৰুৱাব জীৱন চবিত তাব প্ৰুফ সংশোধন কবি ছপা কবিব নোৱাৰা বাবেই তেওঁৰ জীৱন কালত কিতাপখন প্ৰকাশ নহল আক তাত বাজে হেমচন্দ্ৰ বৰুৱাই যি ভাষা লিখে সেই ভাষাকে অসমীৰা মানুহে আহি ভাষা বুলি ভাবে; সেইগুণে তেওঁ লিখা অভিধান সংশোধন কৰিবৰ উপযুক্ত মানুহ অসমত নাই বুলিলেও হয়। বিশেষতঃ যি “টেক্সট্ ঢুক” কমিটিৰ হতুৱাই তেওঁব অভিধান সংশোধন প্ৰস্তাৱ উঠিছে, তাত অসমীয়া ভাষা ভালকৈ জনা মানুহ এজনো নাই৷ টেক্সটবুক কমিটিৰ ওপবত হেমচন্দ্ৰ বৰুৱাৰ ইমান তুচ্ছ ভাব আছিল যে সেই কমিটিক তেওঁৰ কিতাপ চাবলৈ দিব লাগিব বুলি তেওঁ পাঠ্য বিষয়ে কোনো কিতাপকে লিখিবলৈ এবি দিলে। তেওঁৰ যি কেইখন কিতাপ স্কুলত চলে, সেই কেইখন “টেক্সট্‌ক” কমিটি স্থাপিত হোৱাৰ আগেয়েই লিখা। এইবিলাক কাৰণৰ বাহিৰেও, “হেমকোষ” হেমচন্দ্ৰ বৰুৱাৰ হাতৰপৰা যেনে ওলাইছে তেনেভাৱে প্ৰকাশ কৰা নহলে অসমীয়া মানুহে তাক কেতিয়াও প্ৰমাণী বুলি গ্ৰহণ নকবে। গবৰ্ণমেন্টে “হেমকোষ” লৰচৰ কৰি ছপা কৰাব লাগিলে তাক ছপা নকৰোৱাই ভাল বুলি সকলো অসমীয়া মানুহে কব। মিষ্টাৰ গেইটে লিখকৰ এই বিলাক কথা শুনি বৰ দোধোৰ মোধোৰত পৰিল আৰু এই বিষয়ে বিশেষকৈ ভাবি চোৱা যাব বুলি তেতিয়া একো সিদ্ধান্ত নকৰিলে। লিখকৰ মনত তেতিয়া এনে ধাৰণা হৈছিল যে এই বিপদৰপৰা হাত সাৰিবৰ একমাত্ৰ উপায় হৈছে গবৰ্ণমেন্টে কিতাপখন যাতে ছপা নকৰে তেনে কৰাটোহে। ভগৱানৰ ইচ্ছাত স্বৰ্গীয় জগন্নাথ বৰুৱা ডাঙ্গৰীয়া শ্বিলঙ্গলৈ ফুৰিবলৈ যায় আৰু লিখকে তেওঁক এইবোৰ কথা বুজাই কোৱাত তেওঁ লিখকেৰে সৈতে একমত হোৱাত, লিখকে