পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


বিলাকৰ চিঠি মিষ্টাৰ গেইটক দেখুৱাত, তেতিয়াহে তেওঁ লিখকব কথা পতিয়ালে। এইদৰে যদিবাও প্ৰথম আৰু প্ৰধান বিপদৰ হাত সৰা হল, তথাপি অলপ দিনৰ ভিতৰতে আকৌ আন এক নতুন বিপদে দেখা দিলেহি।

 লিখকৰ অনুৰোধমতে দুলালচন্দ্ৰ চৌধুৰীয়ে হেমচন্দ্ৰ বৰুৱাব উইলৰ উচি স্বৰূপে কামৰূপৰ ডিপুটি কমিচনৰ চাহাবৰ জৰিয়তে গবৰ্ণমেণ্টলৈ এখন আবেদন দি “হেমকোষ” ছপাবৰ নিমিত্তে গবৰ্ণমেন্টক গতাই দিয়ে। দুৰ্ভাগ্যক্ৰমে কামৰূপৰ ডিপুটী কমিচনকে সেই আবেদন আৰু হাতেলিখা “হেমকোষ” গবৰ্ণমেন্টলৈ পঠাওঁতে এই বুলি অভিমত প্ৰকাশ কৰিলে যে কিতাপখন প্ৰকাশ কৰাৰ আগতে এজন উজনিৰ, এজন নামনিৰ আৰু এজন মাজ-অসমৰ মানুহৰ হতুৱাই তাক ভালকৈ চোৱাই-চিতাই সংশোধন কৰাই ছপা কৰোৱাহে ভাল। ডিপুটী কমিচনৰৰ এই মন্তব্যৰ পৰা যে কিমান জঞ্জাল বাঢ়িল তাক তলত লিখা কথাৰপৰাই ভালকৈ বুজা যাব। দুলালচন্দ্ৰ চৌধুৰীৰ আবেদন পত্ৰ ডিপুটী কমিচনৰৰ এই মন্তব্যই সৈতে চীফকমিচনৰ চাহাবৰ অফিচ পোৱাত, তাত খাপে খাপে থকা কেৰাণী বাবুবিলাকৰ ভিতৰত অনেক কাকত কলম চহীৰ শৰাধ হোৱাৰ পাছত এয়ে ঠিক হল যে কিতাপখন শুধৰাবৰ নিমিত্তে অসমৰ তিনি ঠাইৰ তিনিজন মানুহ বাছি উলিৱা বৰ টান কথা হব, সেই গুণে নগাৱঁত ‘টেক্সট বুক’ কমিটিকে সেই ভাৰ দিয়া হওক। মিষ্টাৰ গেইটেও এই প্ৰস্তাৱকে ভাল যেন দেখি লিখকক মাতি নি তেওঁৰ মতামত সোধাত, তেওঁ এই প্ৰস্তাৱৰ ঘোৰ প্ৰতিবাদ কৰে আৰু কয় যে “হেমকোষ”ৰ কোনো ৰকম লৰচৰ কৰা স্বৰ্গীয় গ্ৰন্থকাৰৰ একেবাৰেই ইচ্ছাৰ বিৰুদ্ধ; তেওঁ নিজে