কৰিব।” লিখকৰ এই চিঠি পাই ৺দুলাল চন্দ্ৰ চৌধুৰীয়ে
হেমচন্দ্ৰ বৰুৱাৰ ওৱাৰিচলৈ আকৌ টানি চিঠি দিলে, আৰু
সেই চিঠিৰ উত্তৰত ওৱাৰিচবিলাকে কিতাপখন গবৰ্ণমেন্টক
ছপাবলৈ দিবলৈ ৰাজি হল। ৺দুলালচন্দ্ৰ চৌধুৰীয়ে এই শুভ
বাতৰি লিখকক জানিবলৈ দিয়ে আৰু লিখকেও এই কথা
মিষ্টাৰ গেইটক জনায়। তাৰ কেইদিনমানৰ পাছতে মিষ্টাৰ
গেইটে কলিকতাত থকা অসমীয়া ছাত্ৰবিলাকৰপৰা আৰ্হি
স্বৰূপে ছপোৱা “হেমকোষৰ” পাত কেইটামান পাই আৰু
অসমীয়া ছাত্ৰবিলাকে “হেম-কোষ” ছপাবলৈ আৰম্ভ কৰিছে
বুলি শুনি, লিখকক মাতি নি সেই কথা কয়; আৰু তেনে
অৱস্থাত গবৰ্ণমেন্টে এই কিতাপ ছপোৱাৰ আৱশ্যক নাই বুলি
ভাব প্ৰকাশ কৰে। লিখকে যিহলৈকে ভয় কৰিছিল সেয়ে
হোৱা দেখি বৰ বেজাৰ পালে। তেওঁ তেতিয়া মিষ্টাৰ
গেইটক কলে যে কলিকতাত থকা অসমীয়া লৰাৰ উৎসাহ
থাকিলেও ইমান এখন কিতাপ ছপা কৰিবৰ নিমিত্তে আৱশ্যকীয়
ধন তেওঁবিলাকৰ হাতত কেতিয়াও নহয়। তেওঁলোকে নিশ্চয়
ৰাইজৰপৰা পঁচা তুলি এই কাম কৰিবলৈ আগ বাঢ়িছে,
আৰু আন কোনো উপযুক্ত মানুহে এই কাম হাতত লোৱা
সম্ভৱ দেখা হলে তেওঁবিলাকে কেতিয়াও ইয়াৰ নিমিত্তে আগ
নেবাঢ়িলহেঁতেন, কেৱল কেনেবাকৈ হাতে লিখা কিতাপখন
নষ্ট হব, এই ভয়তহে তেওঁবিলাকে এনে গুৰুতৰ কামত
হাত দিছে। লিখকৰ এই কথাত মিষ্টাৰ গেইট বৰ সন্তুষ্ট
নোহোৱা যেন দেখি তেওঁ কলিকতাত থকা অসমীয়া লৰাবিলাকলৈ
আঁতি-গুৰি সকলো কথা বিবৰি লিখি জনোৱাত
তেওঁবিলাকে “হেমকোষ” প্ৰকাশ কৰা প্ৰস্তাৱ ততালিকে
এৰি দি লিখকক জানিবলৈ দিয়ে; লিখকে কলিকতীয়া লৰা-
পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৪
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত