পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৩
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


হেমচন্দ্ৰ বৰুৱাৰ উইলৰ এজন উচি ৺দুলালচন্দ্ৰ চৌধৰীলৈ এই বিষয়ে চিঠি লিখি, “হেমকোষ” ছপাই উলিয়াবৰ নিমিত্তে গবৰ্ণমেন্টক প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ কৰে। স্বৰ্গীয় দুলালচন্দ্ৰ চৌধুৰীয়ে ৺হেমচন্দ্ৰ বৰুৱাৰ ওৱাৰিচবিলাকৰ লগত পৰামৰ্শ কৰি লিখকক জানিবলৈ দিয়ে যে বৰুৱা ডাঙ্গৰীয়াৰ ওৱাৰিচে গবৰ্ণমেন্টক “হেমকোষ” ছপাবৰ নিমিত্তে দিব নোখোজে; কিয়নো পাৰিলে, তেওঁবিলাকে তাক নিজে ছপাই উলিয়াব খোজে আৰু নোৱাৰিলে তেতিয়া কলিকতাত থকা অসমীয়া ছাত্ৰবিলাকে তাক ছপাবৰ প্ৰস্তাৱ কৰাত তেওঁবিলাককে দিব খোজে। ৺দুলাল চন্দ্ৰ চৌধুৰীৰ এই চিঠি পাই লিখক মহা চিন্তাত পৰে। ওৱাৰিচবিলাকৰ এনে আপত্তি আছে বুলি জানিলে আৰু দেশৰ মানুহেই কিতাপখন ছপা কৰি উলিয়াব খুজিছে বুলি শুনিলে মিষ্টাৰ গেইটে আৰু সেই বিষয়লৈ কেতিয়াও আগ নেবাঢ়িব এই ভাবি লিখকে এই চিঠিৰ কথা মিষ্টাৰ গেইটক নজনোৱাকৈয়ে, আকৌ ৺দুলালচন্দ্ৰ চৌধুৰীলৈ এই বুলি চিঠি লিখিলে “গবৰ্ণমেন্টক যদি এই কিতাপখন ছপাবলৈ দিয়া নহয় তেনেহলে সি যে ছপা হৈ ওলাব তাৰ অলপো সম্ভৱ নাই। কিতাপখন ভালকৈ ছপা কৰি উলিয়াবলৈ বহুত টকা লাগিব; সিমান টকা কলিকতাত থকা অসমীয়া লৰাবিলাকে কেনেকৈ গোটাব আৰু তেওঁৰ ওৱাৰিচৰ ভিঅৰতো কোনোৱে যে ইমান টকা গাত নলগাকৈ খৰচ কৰিব পাৰিব তাৰো আশা কম। মুঠৰ ওপৰত কিতাপখন এধা ছপা অৱস্থাতে বা সমূলি নষ্ট হৈ যোৱাৰ হে আগন্তক; সেয়ে হলে আমাৰ মহৎ অনিষ্ট হব। এতেকে তেওঁ যেন ওৱাৰিচবিলাকক বুজাই-বৰাই কিতাপখন যাতে গবৰ্ণমেন্টক গতাব পাৰে তাৰ নিমিত্তে অহোপুৰুষাৰ্থ