পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪২
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


আৰু তেওঁক বৰ শ্ৰদ্ধা কৰিছিল। তেওঁৰ মৃত্যু বাতৰি পাই মিষ্টাৰ গেইটে অন্তৰেৰে সৈতে বেজাৰ প্ৰকাশ কৰিলে। তেতিয়া লিখকে মিষ্টাৰ গেইটক বৰুৱা ডাঙ্গৰীয়াই লিখি থৈ যোৱা ছপা নোহোৱা কিতাপ কেইখনৰ, বিশেষকৈ “হেমকোষৰ” কথা উনুকিয়াই, ছপা নোহোৱা কিতাপ কেইখন যেনেতেনে মতে নষ্ট নোহোৱাকৈ ৰক্ষা কৰিবলৈ অনুৰোধ কৰে। আৰু “হেমকোষৰ” নিচিনা কিতাপ এখন নষ্ট হব লাগিলে যে অসমীয়া জাতিৰ আৰু অসমীয়া ভাষাৰ কি অসীম হানি হব তাকো তেওঁক বুজাই কয়, আৰু এই দিহা দিয়ে যে কামৰূপ জিলাৰ ডিপুটি কমিচনৰলৈ লিখি সোনকালে কিতাপ কেইখন গবৰ্ণমেন্টৰ জিম্মালৈ অনা হওক, যাতে যেই সেই মানুহৰ হাতত পৰি কিতাপ কেইখন নষ্ট নহয়। সেই অনুৰোধ মতে মিষ্টাৰ গেইটে তেতিয়াই কামৰূপ জিলাৰ ডিপুটি কমিচনৰলৈ এখন বেচৰ্কাৰি চিঠি লিখে। ডিপুটি কমিচনৰে মিষ্টাৰ গেইটৰ চিঠি চোৱা মাত্ৰকে কিতাপ কেইখন তেওঁৰ জিম্মালৈ আনি সেই কথা মিষ্টাৰ গেইটক জনায়। গুৱাহাটীৰ “আসাম” কাকতত, স্বৰ্গীয় কালিৰাম বৰুৱাই এই কথা ভুপাই, মিষ্টাৰ গেইটব প্ৰশংসা কৰি এটি টোকা লিখে আৰু গবৰ্ণমেন্টে যাতে “হেমকোষ” ছপা কৰি উলিয়ায় তাৰ নিমিত্তে গবৰ্ণমেন্টক অনুৰোধ কৰে। “আসামৰ” সেই টোকা পঢ়ি মিষ্টাৰ গেইটে লিখকক মাতি নি সেই বিষয়ে পৰামৰ্শ কৰে আৰু লিখকৰ মুখে হেমচন্দ্ৰ বৰুৱাই এখন উইল কৰি তাত কেইজন মান উচি মকৰৰ কৰি থৈ গৈছে বুলি শুনি, লিখকক কয় যে, তেওঁ নিজে গবৰ্ণমেন্টক “হেমকোষ” প্ৰকাশ কৰি উলিয়াবলৈ প্ৰস্তাৱ কৰাতকৈ, হেমচন্দ্ৰ বৰুৱাৰ উচিবিলাকে গবৰ্ণমেন্টক সেই বিষয়ে আবেদন কৰাটোহে ভাল কথা। তেতিয়া লিখকে,