পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত

এবাৰ পুৰণি জোনাকীত, সম্পাদকে ‘হোমকোষ’ প্ৰকাশ হৈ নোলোৱাত বেজাৰ পাই অলপ ধেমেলীয়া ভাৱে উল্লেখ কৰিছিল যে, “হেমকোষ” কিজানি চিৰকাল জগন্নাথ মূৰ্ত্তিৰ দৰেই থাকিব। এই কথাত বৰুৱা ডাঙৰীয়াৰ ইমান তমোময় খং উঠিছিল যে জোনাকীৰ সম্পাদকক আগত নেপাই জোনাকী কাকতৰ সেই সংখ্যাৰ ওপৰতে খঙ্গৰ পোটক তুলিছিল। এনে সামান্য কথা এটাত তেখেতৰ নিচিনা গহীন মানুহ এজনৰ এনে খং উঠা দেখি এই প্ৰৱন্ধৰ লিখক আচৰিত হৈছিল আৰু পেটে পেটে হাঁহি সামৰিব নোৱাৰিছিল। আচল কথা হৈছে যে অভিধানখন তেওঁৰ ইমান আদৰৰ বস্তু আছিল যে তাৰ বিষয়ে কোনেও একাষাৰ নিমৰমীয়ালে কথা কোৱা তেওঁ সহিব নোৱাৰিছিল। তেওঁৰ ইমান মৰমৰ হেমকোষক, যাক তেওঁ অসমীয়া ভাষাৰ উন্নতিৰ নিমিত্তে আৰু অসমীয়া মানুহৰ উপকাৰৰ নিমিত্তে বুকুৰ তেজেৰে লিখাৰ নিচিনাকৈ লিখিছিল, তাক প্ৰকাশ কৰি অসমীয়া ৰাইজৰ হাতত নৌ দিবলৈ পাওঁতেই তেওঁ ইহ সংসাৰ এৰি যাব লগাত পৰিল, ইয়াতকৈ আৰু ডাঙ্গৰ বেজাৰৰ কথা কি হব পাৰে।

 ১৮৯৬ চনত যেতিয়া বৰুৱা ডাঙ্গৰীয়া ঢুকায়, তেতিয়া এই প্ৰৱন্ধৰ লিখক জয়জয়তে চবডিপুটী কলেক্টৰ কামত ভক্তি হৈ, মিষ্টৰ গেইটৰ লগত শ্বিলঙ্গত আসামৰ ঐতিহাসিক অনুসন্ধান সম্বন্ধীয় কাৰ্য্য কৰিছিল। মিষ্টৰ গেইট তেতিয়া, আসামৰ চীফ কমিচনৰ চাহাব বাহাদুৰৰ প্ৰধান চেক্ৰেটৰি আছিল। গুৱাহাটীত বৰুৱা ডাঙ্গৰীয়া হালি পৰিবৰ দিনাই এই প্ৰৱন্ধৰ লিখকে ঘৰৰ পৰা এই নিদাৰুণ বাতৰি দিয়া চিঠি এখন পাই, ততালিকে সেই বাতৰি মিষ্টৰ গেইটক জনায়। মিষ্টৰ গেইটে বৰুৱা ডাঙ্গৰীয়াক আগৰেপৰা ভালকৈ জানিছিল .