পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

॥ ভূমিকা॥

 অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বকৰাব জীৱনটো হৈছে ঊনবিংশ শতিকাৰ নিবীড়িত, মুমূৰ্ষু আৰু পৰাজিত অসমীয়া জাতিয়ে নাজল-নাথল অৱস্থাৰ পৰা উদ্ধাৰ পাবৰ আৰু মাতৃভাষাক স্বীয় আসনত প্ৰতিষ্ঠাৰ হকে কৰা অহো পুৰুষাৰ্থৰ কাহিনী। সেই কালত “দেশাধিকাৰসকলৰ ভ্ৰমত ভাষাৰূপী গছজোপাত ৰঘুমলা পৰি ইয়াৰ বাঢ়ন ঠিহিবা মাৰিবলৈ ধৰোঁতেই আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, হেমচন্দ্ৰ বৰুৱা আদি দেশাহিতৈষী লোকসকল আবিৰ্ভাৱ হৈ অতি কষ্টেৰে ৰঘুমলা আঁতৰাই গছ পুলিটিক লহপহকৈ বাঢ়িবলৈ সুযোগ কৰি দিলে”। আমেৰিকান বেপ্ টিষ্ট মিছনেৰীসকল আৰু আনন্দৰামকে ধৰি কেইজনমান দেশপ্ৰাণ লোকৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলস্বৰূপে ১৮৭৩ চনত অসমৰ স্কুল-আদালতত অসমীয়া ভাষা পুনৰ প্ৰচলনৰ আদেশ হ’ল। মিছনেৰীসকলে আলোচনী আৰু পুথি প্ৰণয়ন কৰি যি গদ্যৰ আৰ্হি দেখুৱালে সি অসমীয়া ভাষাৰ চহা অৱস্থা নহয়, কিয়নো তেওঁলোকে উচ্চাৰণ অনুসৰিহে বৰ্ণ- বিন্যাস কৰিছিল। অসমৰ নৱজাগৰণৰ পুৰোধা আনন্দৰাম ঢেকিয়াল ফুকন আধুনিক অসমীয়া গদ্য-ৰীতিৰ এজন স্থপতি হলেও তেওঁৰ ৰচনাত ইংৰাজী বাক্য-ৰীতিৰ প্ৰভাৱ স্পষ্ট। এই গদ্যক সুন্দৰ আৰু সুঠাম ৰূপ দিবৰ কাৰণে হেমচন্দ্ৰ বৰুৱাৰ নিচিনা ভাষাৰ ওজা এজনৰ আৱশ্যক হৈছিল।