সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৯
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


পাতল কাগজ আছিল, মানুহে তাক শ্ৰীৰামপুৰীয়া কাগজ বুলিছিল। অভিধান লিখা বহিকেইটা এই কাগজৰ আছিল। তেওঁ ঘৰৰ যি কোঠালিত বহি লেখা-পঢ়া কৰিছিল অভিধানৰ বহি কেইটা সদাই সেই খোটালিৰ মেজত ৰাখিছিল আৰু যেতিয়াই কোনো এটা কথা তেওঁৰ মনত পৰিছিল, ততালিকে তাক সেই বহিত লিখিছিল। এই লিখকক তেওঁ এদিন কৈছিল যে তেওঁ ৰাতি সাৰ পাওঁতে কোনো কথা মনত পৰিলেও তেওঁ তেতিয়৷ই পাটীৰপৰা উঠি তাক বহিত লিখিছিল। আন কি আফিচত কাম কৰি থাকোঁতে কোনো কথা মনত পৰিলে, তেতিয়াই তাৰ টোকা ৰাখি, ঘৰলৈ উভতি গৈ প্ৰথমে তাকেহে বহিত লিখিছিল; তেওঁ মানুহৰ লগত কথাবাৰ্ত্তা পাতি থাকোঁতে হঠাৎ যে তাৰপৰা কেতিয়াবা উঠি গৈছিল, অভিধানৰ কিবা কথা মনত পৰাত তাকেহে বহিত লিখিবলৈ গৈছিল। এইদৰে খাওঁতে, শোওঁতে, উঠোঁতে, বহোঁতে, কথা পাতোঁতে আৰু অফিচৰ কাম কৰোঁতে, সকলো সময়তে হেমকোষেই তেওঁৰ ধ্যানৰ বস্তু আছিল; হেমকোষেই তেওঁৰ দিনত চিন্তাৰ বিষয় আৰু ৰাতি সপোনৰ বিষয় আছিল। তেওঁ অভিধানৰ প্ৰত্যেকটো শব্দক কতবাৰ লিখিছিল আৰু কতবাৰ কাটিছিল তাৰ ঠিক নাই; লিখি অঁতাই ভাল নেলাগিলেই আকৌ তাক কাটি নকৈ লিখিছিল এইদৰে কটাকটি কৰোঁতে বহিৰ পাতবিলাকত লিখিবলৈ ঠাই নাইকিয়া হোৱাত আগৰ কটাৰ ওপৰতে আকৌ কাকতৰ তাপলি লগাই লিখিছিল। এইদৰে বহুত দিনৰপৰা লিখোঁতে লিখোঁতে বহি কেইটা দেখাত একেবাৰেই জুৰুলা হৈছিল। এই লিখকে বহি কেইটাৰ এনে অৱস্থা দেখি এবাৰ বৰুৱা ডাঙৰীয়াক বহি কেইটা নকল কৰাই লবলৈ দিহা দিছিল, কিন্তু তেওঁ তেনে