পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৮
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


অসমীয়া ভাষাৰ পক্ষে সঞ্জীৱনী মন্ত্ৰ, সেই মন্ত্ৰই মৃতকল্প অসমীয়া ভাষাক অমৰ কৰিলে। অসমীয়া ভাষাই যদি আজিকালি দিনে দিনে ঠন ধৰি উঠিছে আৰু ন ন ঠালঠেঙ্গুলি মেলিছে সি কেৱল ‘হেমকোষৰ’ যহতে আৰু যদি সি কেতিয়াবা ফুল ফুলাই অসম দেশত সৌৰভ বিলাব পৰা হয়, সিও নিশ্চয় হেমকোষৰ যহতে হব। হেমকোষ অসমীয়াৰ অমূল্য সম্পত্তি।

 এই অভিধানখনি ৺হেমচন্দ্ৰ বৰুৱাৰ জীৱন ব্যাপী পৰিশ্ৰমৰ ফল। তেওঁ ডেকা কালতে এই অভিধান লিখিবলৈ হাতত লয় আৰু তেওঁৰ মৃত্যুৰ কেইবছৰ মান আগেয়েই তাক লিখি শেষ কৰে।

 তেখেতে ১৮৯১ চনত, চেপ্তেম্বৰ মাহত লিখকলৈ এই দৰে লিখিছিল—"I am glad to read three articles in the last number of the Jonaki headed অসমীয়া ভাষা and শাৰিৰীক পৰিশ্ৰম and a piece of poetry designated ব্ৰহ্মপুত্ৰ. I should like to know the names of their authors, but more of these hereafter. I cannot redeem the promise of writing in the Jonaki, until winter sets in. It is still very hot at Gauhati, but I am glad that I shall now be able to pay undivided attention to the Dictionary, which has of late, been very much neglected." তেওঁ অভিধানখন ২টা কি ৩টা ডাঙৰ বহিত লিখিছিল। বহি কেইটা দীঘলে-পুতলে ফুলস্কেপ কাগজৰ সমান আছিল। আগৰ দিনত ফুলস্কেপ কাগজৰ সমান এবিধ নিচেই