পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


নকল কৰাবলৈ সাহ নকৰিলে, কিয়নো যেয়ে সেয়ে এই কাটকুটবিলাক ভালকৈ পঢ়ি শুদ্ধকৈ নকল কৰিব পাৰিব বুলি তেওঁ বিশ্বাস নকৰিছিল আৰু এজনে অশুদ্ধকৈ নকল কৰিলে, তাক আকৌ শুদ্ধ কৰিবৰ নিমিত্তে তেওঁৰ গাত বল নাছিল। বহুত দিনৰ পৰা তেওঁৰ আঁঠুত আৰু হাত ভৰিৰ গাঠিত বাত-বিষ হোৱাত তেওঁ বৰ কষ্ট পাইছিল, সেইগুণে তেওঁ প্ৰায় ঘৰৰপৰা বাজেই নহৈছিল। তেওঁ, তেওঁৰ জীৱনৰ শেহ ভাগত বছেৰেকৰ ভিতৰত এদিন অৰ্থাৎ বিজয়াদশমীৰ দিনা মাথোন বাটত ফুৰিবলৈ ওলাইছিল; নহলে সদায় ঘৰতে থাকি পঢ়িছিল বা লিখিছিল। তেওঁক এনেই বহি থকা কোনেও কেতিয়াও দেখা নাই।

 তেওঁৰ অভিধান প্ৰকাশ হোৱাৰ আগেয়েই অসমদেশৰ সকলো মানুহে তেওঁ এনে এখন অভিধান লিখিছে বুলি ভু পাইছিল আৰু সকলোৱে অতি আগ্ৰহেৰে সৈতে কেতিয়া তেওঁৰ অভিধান প্ৰকাশ হয়, তালৈ বাট চাই আছিল। আমাৰ দেশত অভিধান ছপাব পৰা ছাপাখানা এতিয়াও নাই, তেতিয়া আৰু নাছিল। তেওঁ ভাবিছিল যে তেওঁ নিজে কলিকতালৈ গৈ তাতে থাকি কিতাপখন ছপা কৰাব আৰু নিজে প্ৰুফ সংশোধন কৰিব। তেওঁ যেই সেই লেখা সম্বন্ধে বৰ্ণাশুদ্ধিৰ দোষ বৰকৈ ধৰিছিল আৰু এবাৰ এই প্ৰৱন্ধৰ লিখকলৈ এই বিষয়ে এইদৰে লিখিছিল “One mistake in sentence is sufficient to knock out the brain of the whole sentence.” তেওঁৰ বিষ বেমাৰ ক্ৰমে বেচি হৈ অহাত তেওঁৰ পক্ষে কলিকতালৈ যোৱা অসম্ভৱ হৈ উঠিল। এনেকুৱা কেইবাটাও কাৰণত তেওঁ জীয়াই থকা কালত আৰু ‘হেমকোষ’ ছপা হৈ ওলাব নোৱাৰিলে।