পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৭
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত

লাথি খোৱা অৱস্থাতে থাকিলহেঁতেন”। মুঠতে হেমকোষ আৰু ব্যাকৰণ এই দুইটিয়েই তেওঁৰ মহৎ কাম। এই দুটিয়েই তেওঁৰ কীৰ্ত্তিস্তম্ভ। এইয়েই তেওঁৰ স্মৃতিফলক।

⸻⸻


হেমকোষ

 হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ প্ৰকাশ হবলৈ যিবোৰ বাধা বিঘিনি অতিক্ৰম কৰিব লগীয়া হৈছিল সেইবোৰ ভাবিলে বিস্ময় মানিব লাগে। এই হেমকোষ প্ৰকাশ কাৰ্য্য কিদৰে সমাধা হল তাক পণ্ডিত শ্ৰীযুত হেমচন্দ্ৰ গোস্বামী দেৱে ৭ম বছৰৰ বাঁহীত এই দৰে প্ৰকাশ কৰিছে।

 “আগেয়ে, অসমীয়া ভাষা ঠিক এখন গুৰীয়াল নাইকিয়া নাৱৰ নিচিনা আছিল; কিন্তু ইংৰাজী ১৯০০ চনত এই অভিধান প্ৰকাশ হৈ ওলোৱাৰ পাছৰপৰা আৰু তাৰ সেই অৱস্থা নাই। আমাৰ ওচৰচুবুৰীয়া বন্ধুসকলে নিতৌ অসমীয়া ভাষাক বাহিৰলৈ উলিয়াবলৈ তুলসীৰ গুৰি অঁতাইছিল আৰু কাঠ-সংস্কাৰ কৰিবলৈ কাঠ গোটাইছিল, কিন্তু কলঢোপ কলঢোপ কৰি থকা অসমীয়া ভাষাৰ মুখত হেমচন্দ্ৰ ধন্বন্তৰীৰ ‘হেমকোষ’ বড়ি পৰা মাত্ৰকে কৰ যমদূত কলৈ গল তাৰ চিন নাই, বাৰীৰ চুকত পৰি “নিওঁ” “নিওঁ” কৰি চিয়ঁৰি থকা নিয়তী চৰাই বোৰো যমদূতবিলাকৰ লগতে নাইকিয়া হল আৰু দক্ষিণা লবলৈ আশা পালি থকা বাপুসকলেও এখোজ দোখোজকৈ ঘৰমুৱা হল। মুঠতে কবলৈ গলে, হেমচন্দ্ৰ বৰুৱাৰ ‘হেমকোষ’