পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত

তথাপি এই দেশৰ কোনো লোকৰ দ্বাৰা তাৰ ব্যাকৰণ আৰু অভিধান ৰচিত হোৱা নাই।” এই কাৰণে ১৭৮১ শকত তেওঁ এখন ব্যাকৰণ ৰচনা কৰে। আৰু অসমীয়া ভাষাত ব্যাকৰণ ৰচনাৰ সেয়ে প্ৰথম উদ্যোগ। এই ব্যাকৰণখন আমেৰিকাৰ মিস্যনাৰীবিলাকে ছপাই প্ৰকাশ কৰে। প্ৰথমবাৰ ছপাৰ পিছত ইয়াক বহুদিনলৈ পুনৰ ছপোৱা নহৈছিল। কিয়নো সেই কালত “অসমীয়া ভাষাক বঙ্গালীৰ বিকৃতি বুলি অনেকে তালৈ হেলা কৰিছিল”। পিছত বঙ্গদেশৰ দুৱলীয়া গৰাকী স্যাৰ জৰ্জ কেম্পবেল চাহাবৰ অনুগ্ৰহত অসমীয়া ভাষা এই দেশৰ পঢ়াশালি আৰু ৰাজসভাৰ কাৰ্য্যত চলিত হোৱ৷ত” সেই ব্যাকৰণকে শুদ্ধ কৰি পুনৰায় প্ৰকাশ কৰা হয়। এইবাৰ আগৰ পুথিত “যিবিলাক অচলিত সংস্কৃত শব্দ আছিল, সেইবোৰৰ সৰহভাগৰ সলনি দেশী শব্দ আৰু অনেক অকামিলা কথা গুচাই সেইবিলাকৰ ঠাইত অতি লাগতিয়াল নিয়মবিলাক দিয়া হৈছিল। এই ব্যাকৰণ অসমীয়া ভাষাৰ তেতিয়া যেনে অৱস্থা আছিল তাৰ উপযোগী কৰিহে ৰচনা কৰা হৈছিল। অসমীয়া ভাষাৰ উন্নতি হলে অৱশ্যে এই ব্যাকৰণক লৰাব লাগিব বুলি বৰুৱা ডাঙ্গৰীয়াই নিজে স্বীকাৰ কৰি গৈছে। এই ব্যাকৰণ প্ৰত্যেক অসমীয়াৰে একমাত্ৰ সাৰথি। কোনো কথাৰ বাদ প্ৰতিবাদ লাগিলে হেমচন্দ্ৰ বৰুৱাৰ ব্যাকৰণ মতে এইটোহে হব, এনেটো কলে দুনাই লোকে প্ৰতিবাদ কৰিবলৈ সঙ্কোচ কৰে। “হেমচন্দ্ৰ বৰুৱাই অভিধান আৰু ব্যাকৰণ লিখি অসমীয়া ভাষাৰ আৰু সাহিত্যৰ যুগমীয়া উপকাৰ কৰি গল তাক হেজাৰ মুখেও বৰ্ণাব নোৱাৰি। তেওঁ ব্যাকৰণ আৰু অভিধান লিখি থৈ নোযোৱা হলে অসমীয়া ভাষা কিজানি চিৰকাল লোকৰ