পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

দ্বিতীয় আধ্যা

হেমচন্দ্ৰ বৰুৱাৰ গ্ৰন্থ বিৱৰণী

 হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ কেইবা প্ৰকাৰে সেৱা কৰি গৈছে। নিজে কিতাপ ৰচনা কৰি, সাময়িক আলোচনীত প্ৰৱন্ধ লিখি; বাতৰি কাকতৰ সম্পাদক হৈ অসমীয়া ভাষা প্ৰচলন আৰু অসমীয়া বৰ্ণমালৰ সম্পূৰ্ণত্ব ৰক্ষাৰ কাৰণে নানা প্ৰকাৰে যত্ন কৰি অসমীয়া সাহিত্যৰ প্ৰকৃত সেৱক হৈ গৈছে। ব্যাকৰণ আৰু হেমকোষত বাদেও তেওঁ আদিপাঠ, স্বাস্থ্য-ৰক্ষা, পাঠমালা, কানীয়াৰ কীৰ্ত্তন, বাহিৰে ৰংচং ভিতৰে কোৱাভাতুৰি, অসমীয়াৰ বিবাহ পদ্ধতি (ইংৰাজীত) পঢ়াশলীয়া অভিধান, সংক্ষিপ্ত হেমকোষ ইত্যাদি নানা গ্ৰন্থ প্ৰকাশ কৰি গৈছে। এই গ্ৰন্থবোৰৰ সংক্ষিপ্ত আভাস ক্ৰমাৎ দিয়া হ’ল।

অসমীয়া ব্যাকৰণ

 হেমচন্দ্ৰ বৰুৱাই নিজে লিখিছে যে “ভাষা শিকিবৰ ঘাই উপায় হৈছে ব্যাকৰণ আৰু অভিধান। কিন্তু যদিচ অসম দেশত অসমীয়া ভাষা বহু কালৰ আগৰপৰা চলি আহিছে।