পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


এই বাতবিষ কেতিয়াবা এনে উৎকট হৈছিল যে তেওঁ লৰিব চৰিব নোৱাৰিছিল। তেওঁৰ আঠুৰ বাতবিষে আন কি বাহিবলৈ ওলোৱা সোমোৱাতে বৰকৈ কষ্ট দিছিল। অন্তিম কাললৈকে এই বাতবিষ ভূগিয়েই ১৮৯৬ খৃষ্টাব্দত অসমীয়াৰ অভিধান ৰচোঁতা হেমচন্দ্ৰ বৰুৱাই গুৱাহাটীৰ নিজ ঘৰত ৬১ বছৰ বয়সত মানব লীলা সম্বৰণ কৰিলে।

 মৃত্যুৰ পিছত জাতিচ্যুত বৰুৱাৰ শৱটি স্পৰ্শ কৰি দাহন কৰা সম্পৰ্কে অসমীয়া সমাজত তোলপাৰ লাগিল। সেই সময়ত তেওঁৰ আলমাৰীৰ ভিতৰত এখনি তেওঁৰ নিজ হাতে লিখা কাকত পোৱা হৈছিল; তাত, তেওঁ মৰিলে তেওঁৰ শৱটি কি কৰিব লাগিব সেই বিষয়ে উপদেশ আছিল। ৺দুলাল চন্দ্ৰ চৌধুৰী, ৺লক্ষ্মীলাল বৰুৱা, ৺মাণিক চন্দ্ৰ বৰুৱা আদি তেওঁৰ অন্তৰঙ্গ বন্ধু সকলে সেই কাকত পঢ়ি দেখিলে যে তাত এইদৰে লিখা আছে। “জীৱশূন্য মৃতদেহটি এডোখৰ কাঠৰ নিচিনা, তাক যত্ন কৰি সৎকাৰ কৰাৰ নিমিত্তে বৃথা খৰছ বা পৰিশ্ৰম কৰাৰ কোনো প্ৰয়োজন নাই। মৃতদেহ মাটিত পোতা ভাল নহয়, কাৰণ তাৰ পৰা ওচৰত থকা মানুহৰ স্বাস্থ্য হানি হব পাৰে। এতেকে মৃত দেহটি এখন গৰুৰ গাৰীত তুলি নি লোকৰ বাসস্থানৰ পৰা দূৰ ঠাইত পেলাই দিয়াই ভাল।” এই বিধানমতে কাৰ্য্য কৰিবলৈ কিন্তু অসমীয়াৰ মন নগল। ব্ৰাহ্মণ সমাজৰ পৰাই শ্ৰীযুত জগৎচন্দ্ৰ গোস্বামী আৰু শ্ৰীযুত মহীধৰ কটকী প্ৰমুখ্যে কেইজনমান ব্ৰাহ্মণ সন্তানে লাগিলে সমাজৰ দণ্ড ভৰিও শৱটি দাহন কৰিবলৈ আগবাঢ়ি ওলাল। ইফালে বৰুৱাৰ বঙ্গালী বন্ধু সকলেও শৱ দাহন কৰিবলৈ সাজি-কাচি আহিছিল। পিছত যথাবিধি ব্ৰাহ্মণৰ ক্ৰিয়াৰে শৱ দাহন কাৰ্য্য সূচাৰূপে হৈ গল।