পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩২
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


লোৱাৰ পিছত দুনাই শিৱসাগৰলৈ ঘূৰি নগল; তেওঁ গুৱাহাটীতে থাকিল। গুৱাহাটীৰ লতাশীলত তেওঁৰ প্ৰায় দুবিঘামান বাৰী মাটি আছিল। এই মাটি বৰ্ত্তমান উজান বজাৰৰ মাণিক বৰুৱা মাইনাৰ স্কুলৰ পূবে আৰু ই সম্প্ৰতি শ্ৰীযুত সিদ্ধি নাথ শৰ্ম্মা বি-এল দেৱৰ সম্পৃত্তি। ইয়াতে পুৰণি চামৰ সম্ভ্ৰান্ত মানুহৰ ঘৰৰ দৰে এটি চাৰিচলীয়া আহিল-বহল সুন্দৰকৈ সজোৱা বঙলা আছিল। এই বঙলাৰ মাজৰ কোঠাটিত এখন ডাঙ্গৰ ঘূৰণীয়া টেবিল আছিল আৰু কেইটি মান আলমাৰীৰে সৈতে তেওঁৰ নিজা লাইব্ৰেৰী আছিল। মানুহ-দুনুহ গলে বৰুৱাদেৱে এই কোঠাতে সোধপোছ কৰিছিল। ঘৰটীৰ সমুখত এখন ফুলনি। এই ফুলনিত বৰুৱাদেৱে ঠেঙা পিন্ধি কোৰ মাৰিছিল। আৰু যিবোৰ ডেকা লৰাই তেতিয়া তেওঁৰ তাত পঢ়িবলৈ গৈছিল সেই বিলাকেও সেই ফুলনিত কেতিয়াবা কেতিয়াবা কোৰ মাৰিব লগা হৈছিল। আবেলি হেমচন্দ্ৰ বৰুৱাই ঠেঙ্গা পিন্ধি কোৰ মৰা দেখি বহুত সময়ত ডেকা লৰা বিলাকে ফিচিঙা ফিচিঙি কৰিছিল। হেমচন্দ্ৰ বৰুৱাই ঘৰুৱা জীৱনত কেতবোৰ কটকটীয়া নিয়ম বান্ধি লৈছিল আৰু ঘৰিৰ দৰে সেই নিয়মমতে চলি আছিল।

 তেওঁ ভাৰ্য্যাৰ মৃত্যু অবধি খোৱা লোৱা বিষয়ত ব্ৰাহ্মণৰ আচাৰ আদি ৰক্ষা কৰি বৰ নিয়মমতে চলা নাছিল। তেওঁ প্ৰকাশ্যভাৱে ব্ৰাহ্মণত বাদে আন জাতিৰ ৰান্ধনী ৰাখি চলাৰ কাৰণে বহুত লোকে তেওঁক আচাৰভ্ৰষ্ট অব্ৰাহ্মণ আদি আখ্যায়িকা দিবলৈ কুন্ঠিত হোৱা নাছিল। তেওঁৰ ভায়েকহঁতে আৰু জ্ঞাতি কুটুম্বে এই একে কাৰণতে বিশেষ সংশ্ৰব নাৰাখিছিল যদিও বৰুৱা দেৱে এনেবোৰ কথালৈ অকণো ভ্ৰুক্ষেপ কৰা নাছিল।

 হেমচন্দ্ৰ বৰুৱাৰ বাতবিষ চিৰ লগৰীয়া ৰোগ আছিল।