পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


প্ৰকাৰৰ ৫০ খান-মান পুথি লিখা হৈছিল। সেইবিলাকৰ গুণাগুণৰ বিবেচনা কৰিবৰ কাৰণ বহা সমজুৱাবিলাকে আদি-পাঠক সকলোতকৈ শ্ৰেষ্ঠ বোলাত ৫০০্ টকা বঁটা পাওঁ। তাৰ পাচতো পুথি-আদি লিখাৰ বাবে গবৰ্ণমেণ্টৰপৰা সকলোৱেমুলি ১,১০০্ এঘাৰ শ টকা পুৰস্কাৰ পাইছোঁ। ম‍ই চৰকাৰী কামৰপৰা অৱসৰ পোৱাৰ পাচত ( ইং ১৮৮২ শকত ) দেশহিতৈষী কিছুমান অসমীয়া ভদ্ৰলোকে আসাম-নিউচ্ নামেৰে এখান ইংৰাজী-অসমীয়া, সাপ্তাহিক বাতৰিকাকত চলাবলৈ স্থিৰ কৰি মোক তাৰ সম্পাদক নিযুক্ত কৰাত মই তিনি বছৰ-মান আনৰপৰা অধিক সহায়তা নোপোৱাকৈ, একে হাতে সেই কাকত চলাওঁ; কিন্তু কওঁতে বেজাৰ লাগে যে সি চিৰজীৱী নহল। কিছুমান বছৰৰ আগেয়ে অসমীয়া ভাষাৰ এখান ডাঙ্গৰ, অসমীয়া-ইংৰাজী অভিধান লিখিছিলোঁ, সি সম্পূৰ্ণ হৈ পৰি আছে, এতিয়ালৈকে পোহৰ দেখা নাই। মই গুৱাহাটীলৈ অহাৰ আগেয়েই বিয়া কৰি মোৰ ভাৰ্য্যাক ঘৰলৈ আনিছিলোঁ, আৰু মই শিৱসাগৰ এৰি অহাৰ সময়ত তেওঁ সগৰ্ভা আছিল, পাচে ইং ১৮৬৩ শকত এটী ছোৱালী পাই ১৮৬৫ শকত নৱেম্বৰ মাহত জহনী-ৰোগৰ হাতত প্ৰাণ সমৰ্পিলে।”

⸻⸻


গুৱাহাটীত নিবাস আৰু মৃত্যু

 হেমচন্দ্ৰ বৰুৱাই চৰকাৰী কাম কৰিবলৈ যদিও শিৱসাগৰৰ পৰা গুৱাহাটীলৈ উঠি আহিল তথাপি কামৰ পৰা অৱসৰ