পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


ডাঙ্গৰীয়াৰো মত লৈছিল। সেই বিষয়ত ঘাই আপত্তি আছিল এইটো যে, সেই আখৰ আমেৰিকাৰ পৰা ঢলাই আনিব লাগিব, কিন্তু মিস্যন সভাই অধিক ব্যয় কৰিবলৈ মান্তি নহয়। ম‍ই গুৱাহাটীলৈ অহাৰ পাচত পাদ্ৰী ডক্টৰ কম্ফৰ্ট চাহাবৰ সহায়তাৰ দ্বাৰা এই বিষয়ৰ সকলো আপত্তিৰ খণ্ডন হল আৰু “ৱ”ৰ ব্যৱহাৰ চলিল। মোৰ “আদি-পাঠ” ছপাৰ সময়ত ইস্কুল ইনস্পেক্টৰ মাৰ্টিন চাহাবেও সেইটো আখৰৰ ব্যৱহাৰৰ বিষয়ত বৰ বাধা জন্মাইছিল; পাচে বিস্তৰ লেখা- লেখিৰ অন্তত তেওঁ নিজৰ ভ্ৰম বুজিব পাৰিলে, আৰু ইস্কুলৰ কিতাপত তাৰ ব্যৱহাৰৰ নিমিত্তে চিফ কমিশ্যনৰৰ আজ্ঞা ললে।

 ১৭৮০ (ইং ১৮৬০ ) শকত মোৰ অসমীয়া ভাষাৰ ব্যাকৰণ প্ৰকাশিত হয়। তাক লিখা সময়ত ডাঙ্গৰীয়া শ্ৰীযুত গুণাভিৰাম বৰুৱা কলিকতাত আছিল, আৰু তাৰ ৰচনাৰ বিষয়ত লেখাৰ দ্বাৰা তেওঁ মোক বহুত পৰামৰ্শ দিছিল, অধিক কি? সেই বিষয়ত তেওঁ মোৰ অকল উৎসাহদাতা আৰু উপদেশক আছিল। অসমীয়া ডেকাবিলাকক যে বঙ্গালী বাইৰ সলনি অসমীয়া মাতৃক আদৰ কৰিবলৈ আগ বাঢ়িল, তাতো মহাত্মা আনন্দৰাম ঢেঁকিয়াল ফুকনৰ পাচতে গুণাভিৰাম বৰুৱা পথপ্ৰদৰ্শক হৈছিল। সেই বাবে তেওঁ ধন্যবাদৰ পাত্ৰ।

 ইংৰাজী ভাষাত মোৰ ভালৰূপে ব্যুৎপত্তি নোহোৱালৈকে দদাইদেৱে মই তাক শিকাৰ কথা নেজানিছিল, মই অতি গোপনে তাৰ অভ্যাস কৰিছিলোঁ। পাচে তাত মোৰ কিছু অধিকাৰ জন্মিলত গোপন কৰিবলৈ এৰি দেখা-শুনাকৈ তাৰ চৰ্চ্চা কৰিবলৈ ধৰিলোঁ; তেতিয়া তেওঁ মোক সেই বাবে তিৰস্কাৰ নকৰি বৰং কাছাৰিত ইংৰাজীৰপৰা ভাঙ্গি বঙ্গালী বা