পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৭
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


তেওঁ নিজ কাৰ্য্যৰ উপলক্ষে ফুৰি থাকিবলৈ বাধ্য হোৱাত তেওঁব সাহায্যৰ পৰিমাণ অধিক নাছিল।

 পৰিশেষত আমেৰিকাৰ মিস্যনেৰিবিলাকৰ ওচৰ চাপিলোঁ, আৰু তেওঁলোকেও মোক দুয়ো বাহুৰে সাবটি ধৰি শিক্ষাৰ বিষয়ত বহুত সহায়তা কৰিলে। বিদ্যা শিকাত মোৰ সদায় বৰ উৎসাহ আছিল, আৰু সেই কাৰ্য্যত মই বৰ পৰিশ্ৰম কৰিছিলোঁ; কিত্ত যেতিয়া চাৰি-সংখ্যক ইংৰাজী পাঠোপকাৰকত ( A sleeping fox catches no poultry ) “শুই থকা শিয়ালে হাঁহ-কুকুৰা ধৰিব নোৱাৰে” এই উপদেশপূৰ্ণ পটন্তৰটি পালোঁ, তেতিয়াৰপৰা মোৰ উৎসাহ তিনি গুণমান বাঢ়িল, এখন্তকো নিৰৰ্থকত গলে মনত বৰ দুখ পাবলৈ ধৰিলোঁ। আমাৰ ডেকাবিলাকে যেন এই উত্তম বাক্যটি মনত ৰাখে, আৰু তাৰ ভাবৰ দৰে কাৰ্য্য কৰে, এয়ে মোৰ বাঞ্ছা আৰু সেই বাঞ্ছাৰ দ্বাৰা পৰিচালিত হৈহে মই এই ঠাইত তাৰ উল্লেখ কৰিছোঁ।

 এই সময়ৰ ভালেমান দিনৰ আগৰ পৰা মই মিস্যনেৰিবিলাকৰ মাহেকীয়া কাকত অৰুণোদয়ত লিখিছিলোঁ , কিন্তু যেতিয়া মিস্যনেৰিবিলাকৰ গুৰিলৈ নিতৌ যাবলৈ ধৰিলোঁ, তেতিয়াৰপৰা অৰুণোদয়েৰে সৈতে মোৰ সম্বন্ধ আৰু দৃঢ় হল; তাতে মই তাৰ বৰ্ণবিন্যাস সংশোধনৰ নিমিত্তে যত্ন কৰিবলৈ ধৰিলোঁ। মোৰ এই চেষ্টাত নিধিলেভি ফেৱাৰওৱেল নামেৰে এটা দেশী খ্ৰীষ্টিয়ানৰপৰা বৰ বাধা পাইছিলোঁ। সি তাৰ গুৰু ব্ৰাউন চাহাবৰ বৰ্ণবিন্যাসৰ প্ৰণালীৰপৰা এক আঙ্গুলো লৰচৰ হোৱাক মহা পাপ যেন ভাবিছিল। পৰিশেষত মোৰ যত্ন সফল হল হয়, তথাপি ৱ আখৰটোৰ ব্যৱহাৰ চলোৱা অসম্ভৱ যেন বোধ হল। তাৰ কথাত নিধিয়ে জনচেৰেক প্ৰাচীন