পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


বঙ্গালীৰপৰা ভাগি ইংৰাজী কৰিবলৈ কোনো কাকত দিছিল। ইং ১৮৫৮ শকত গোলাঘাটৰ ৰেবনিউ-পেস্কাৰ বিদ্ৰোহত লিপ্ত থকা অপৰাধত চস্পেণ্ড হোৱাত মই তেওঁৰ মূৰে ছমাহ কাম কৰোঁ। তাব পৰা উলটি অহাৰ পাচত শিৱসাগৰৰ ইংৰাজী ইস্কুলৰ দ্বিতীয় শিক্ষক শ্ৰীযুত পৰমানন্দ ভাঁড়ালীয়ে মেলানি লোৱাত তেওঁৰ বাবে একটিং হওঁ। এয়ে মোৰ ইস্কুলত প্ৰথম আৰু, অৱশ্যে, শেষ প্ৰবেশ। ইয়াৰ পাচত মাহে ২৫্‌ টকা বেতনত ৰেবনিউৰ মহাফেজ নিযুক্ত হৈ ইং ১৮৬২ শকলৈকে সেই কামত আছিলোঁ। সেই বছৰৰ আগষ্ট মাহত অসমৰ জুডিস্যেল কমিশ্যনৰ মেজৰ জেনৰেল (তেতিয়াৰ মেজৰ) এগনিউ চাহাবে মোক গুৱাহাটীলৈ আনি তেওঁৰ আদালতৰ ট্ৰেন্সলেটৰ বা ভাষা-ভঙ্গা কাকতী পাতিলে। মই ইংৰাজী পঢ়িবলৈ ধৰোঁতে সেই ভাষাৰ কাম কৰিব লগীয়া বিষয় লবৰ মোৰ সপোনতো ইচ্ছা নাছিল। ইংৰাজীত থকা জ্ঞানৰ কথাবিলাক শিকিবৰ কাৰণে মাথোন সেই ভাষাৰ অনুশীলন কৰিছিলোঁ। কলেকটৰীৰ চিৰস্তাদাৰ হৈ মুনচুপ হোৱাই মোৰ অকল উচ্চাভিলাষ আছিল, আৰু এই কাৰণেই মই মোৰ ইংৰাজী আখৰ ভাল কৰিবলৈ একো যত্ন নকৰিলোঁ। কবৰ সকাম নাই যে সেই কালত চিৰস্তাদাৰ- মনচুপ-আদি ডাঙ্গৰীয়াসকলৰ ইংৰাজী জানিবৰ বা লিখিবৰ একো প্ৰয়োজন নাছিল, আৰু কেৰাণিত বাজে আন সকলোৱেই ইংৰাজী বিদ্যাক ঘিণাইছিল।

 ইং ১৮৬২ শকৰপৰা জুডিস্যেল কমিশ্যনৰ চাহাবৰ অফিচত কাম কৰি ক্ৰমে সেই অফিচৰ চুপৰইন্টেণ্ডেণ্টৰ পদ পাওঁ, আৰু ইং ১৮৮১ শকত ১ম জানুৱাৰীত সেই পদ উঠি যোৱালৈকে তাত নিযুক্ত আছিলোঁ। ইং ১৮৬১ শকত এগ-