পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৬
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


বেলেগে পঢ়াবলৈ তেওঁৰ আজৰি নাছিল। পাচে তেওঁ যদুনাথ নামেৰে এজনা অধ্যাপকক আনি আমাৰ ঘৰৰ আগতে এখন পঢ়াশালি পাতি আন আন কিছুমান ছাতৰৰ লগত পদ্মনাথ আৰু মোক, দুইকো পঢ়িবলৈ দিছিল; কিন্ত্ত তাত পঢ়াৰপৰাও মোৰ একো উপকাৰ নহৈ অধ্যাপকেৰে সৈতে তৰ্ক কৰা মাথোন সাৰ হল। এবছৰমানৰ মূৰত জহনী-ৰাক্ষসীয়ে অধ্যাপক আৰু পদ্মনাথ, দুইকো গ্ৰাস কৰিলে, পঢ়াশালি ভাগিল, আৰু মই সম্পূৰ্ণ মুক্ত৷ৱস্থা পালোঁ। তেতিয়া দিনত কাছাৰিলৈ কাম কৰাত, আৰু পুৱা-গধুলি মুকলিমূৰে গা-ঘেলাই ফুৰাত, বাজে মোৰ একো ব্যৱসায় নাছিল। এদিন মোৰ এজন বন্ধু, ইংৰাজী ইস্কুলৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰ শ্ৰীযুত কুশৰাম গগৈৰে সৈতে সাক্ষাত হোৱাত তেওঁ মোক ইংৰাজী পঢ়িবলৈ পৰামৰ্শ দিলে, আৰু তেওঁৰ উপদেশকে সাৰোগত কৰি ইংৰাজী বিদ্যা অভ্যাস কৰিবলৈ স্থিৰ কৰিলোঁ। কিন্তু এই সময়ত মোৰ বয়স প্ৰ৷য় কুৰি বছৰ হৈছিল, আৰু ইংৰাজী বৰ্ণমালাৰ আখৰ কেইটাত বাজে মই তাৰ একোকে নেজানিছিলো, এই আপত্তিৰ উত্তৰত তেওঁ মোক ( Reader No 1 ) প্ৰথম সংখ্যক ইংৰাজী পাঠোপকাৰক নামেৰে পুথি পঢ়ি তাতে ইংৰাজী বৰ্ণবিন্যাস আৰু ভাষা দুইকো শিকিব পাৰিবা বুলি এখান পুথি দিলে, আৰু মোৰ পঢ়াত সাহায্য কৰিবলৈ গাত ললে। এই উপকাৰৰ বাবে মই অন্ত কাললৈকে তেওঁৰ ধৰুৱা হৈ থাকিম। পাচে তেওঁৰ আৰু অন্যান্য বন্ধুবিলাকৰ সাহায্যেৰে কিছুকাল ইংৰাজী অভ্যাস কৰি ইস্কুল মাষ্টৰ শ্ৰীযুত পৰমানন্দ ভঁড়ালীৰ সাহায্য বিচাৰিলোঁ, আৰু মই তেওঁৰ শলাগ লৈ কওঁ যে তেওঁ মোক সকলো সময়তে উৎসাহেৰে সাহায্য কৰিছিল। শ্ৰীযত প্ৰিয়লাল বৰুৱাৰপৰাও কিছু উপকাৰ পাইছিলোঁ; কিন্তু