পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৫
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


চিনাকি হৈছিলো; এনেতে মোৰ বিদ্যাক যশস্যাৰ ধ্বনিয়ে শিৱসাগৰীয়া বৰুৱাৰ কাণ ছুলেগৈ; তেওঁ সেই কথা দদাইদেওক নজনাই থাকিব নোৱাৰিলে। এই সম্বাদে তেওঁক পানীৰ ছাট পোৱা পকা তেলৰ দৰে জলালে, আৰু মোৰ ফলি-পুথি বান্ধি লৈ ঘৰলৈ উলটি অহা আৰু ইংৰাজী শিক্ষাক বিসৰ্জ্জন দিয়াই তাৰ ফল হল। এই সময়ত সংস্কৃত বিদ্যাত মোৰ যি অধিকাৰ জন্মিছিল, এতিয়া তাতকৈ অধিক হোৱা নাই।

 এই ঠাইতে এটা কথা কোৱা উচিত যে উল্লিখিত সময়ত অসমত বঙ্গালী ভাষাৰ বৰ আদৰ আছিল, মাতৃ ভাষাক সকলোৱে ঘিণাইছিল—ইস্কুলত বঙ্গালী, কাছাৰিত বঙ্গালী, ডেকাবিলাকৰ আলাপত বঙ্গালী আৰু তেওঁলোকৰ চিঠিতো বঙ্গালী ভাষাহে চলিছিল; সকলোৱেই ৰঙ্গিনী বঙ্গীয়াক সঙ্গিনী কৰি লৈছিল, অৱশ্যে ময়ো এই নিয়মৰ বাহিৰ নাছিলো, বঙ্গ-ভাষা মোৰ বুকুৰ কুটুম আছিল; তাৰপৰা মই এটা শুভ ফল পালোঁ। উৰ্ব্বীধৰ বৰুৱা বঙ্গলা জিলা ইস্কুলৰ অধ্যাপক আছিল, আৰু যদিও মই তেওঁৰ বঙ্গালী ইস্কুলত নহয়, সংস্কৃত পঢ়াশালিত হৈ পঢ়িছিলো, তথাপি তেওঁ মোৰ নামটো স্কুলৰ প্ৰথম শ্ৰেণীত লিখি থৈছিল, এই কাৰণে তেতিয়াৰ ইস্কুল ইনস্পেক্টৰ ৰবিন্সন চাহাব স্কুল চাবলৈ যোৱাত মই দুবাৰ স্কুললৈ গৈ মহলাত উঠি প্ৰথম শ্ৰেণীৰ প্ৰথম পুৰস্কাৰ আৰু প্ৰশংসা পাইছিলোঁ।

 বৰুৱাৰ পঢ়াশালি এৰি ঘৰলৈ অহাতেই মোৰ সংস্কৃত পঢ়াৰ শেষ হল বুলিব লাগে, কিয়নো যদিও দদাইদেওৰ মুখে তেওঁৰ বৰ পুতেক পদ্মনাথৰ লগত কিছু দিন ব্যাকৰণ পঢ়িছিলো, তথাপি পদ্মনাথৰ পঢ়া অতি অলপ থকা হেতু তাৰে সৈতে একে লগে পঢ়াৰপৰা মোৰ একো লাভ নহল, আৰু মোক