ধৰিলো। দদাইদেও ইংৰাজী-শিক্ষাৰ গোটেই বিৰোধী আছিল,
এই কাৰণে এই বিদ্যাৰ অভ্যাস কৰিবলৈ আগ বাঢ়িব
নোৱাৰিলো; কিন্তু মাজে মাজে সেই সময়ৰ শিৱসাগৰ জিলাৰ
অধিপতি কাপ্তান ব্ৰোডী চাহাবৰ ঘৰলৈ গৈ দেৱ-নাগেৰী
আখৰেৰে লিখা হিন্দী, অৰ্থাৎ বজ্ৰভাষা শিকিছিলো;
বৰ বিদ্যোৎসাহী আছিল আৰু বিদ্যা শিকাত যত্ন কৰা ডেকাবিলাকক
মৰম কৰিছিল। হিন্দী শিকিবলৈ মোৰ বৰ আগ্ৰহ
দেখি তেওঁ মোক উৎসাহেৰে সেই ভাষা শিকাইছিল; তেওঁৰ
অনুগ্ৰহতে মই প্ৰেমসাগৰ আদি পুথিবিলাক ভালকৈ পঢ়িব
আৰু বুজিব পৰা হলোঁ, আৰু এতিয়া ব্ৰজভাষাত মোৰ যি
অলপ ব্যুৎপত্তি আছে, সি তেওঁৰ কৃপাৰে হে ফল মাথোন।
যদিও দদাইদেওৰ ইচ্ছাৰ বিৰোধে দেখা-শুনাকৈ ইংৰাজী শিকা মোৰ পক্ষে গোটেই অসম্ভৱ আছিল, তথাপি গোপনে তাৰ অভ্যাস কৰা একো টান নহয়, মোৰ মনত এনে এটা ভাব হোৱাত এদিন মই ব্ৰোডী চাহাবৰ ঘৰলৈ গৈ এখন ইংৰাজী বৰ্ণবিন্যাসৰ পুথি খুজিলোঁ; তাতে তেওঁ বৰ ৰঙ্গেৰে মোক এখন পুথি দিলে, আৰু প্ৰতি দেওবাৰে তেওঁক মোৰ শিক্ষাৰ মহলা দিবলৈ কলে। ইংৰাজী পুথি পালো হয়, কিন্তু তাক পঢ়িবলৈ সময় পোৱা শুদা কথা নাছিল; কিয়নো ৰাতিপুৱা দহ বজামানলৈ সংস্কৃত পঢ়া, পাচে এঘাৰ বজাত কাছাৰিলৈ গৈ পুনৰায় চাৰি বজা মানৰপৰা আঠ কি ন বজা মানলৈকে সংস্কৃত অনুশীলন কৰা মোৰ দৈনিক কাৰ্য্য আছিল। সন্ধ্যা সময়ত মাথোন অলপ আজৰি পাইছিলো, তাতে ঢৌতে খঁৰ দি, সময়ৰ আগ-চুলিত খামোচ মাৰি ধৰিছিলো, আৰু মোৰ সমান বয়সীয়া বন্ধুবিলাকৰ সাহায্যেৰে, দুই সপ্তাহমানৰ ভিতৰত, ইংৰাজী বৰ্ণমালাৰ দুয়ো বিধৰ আখৰবিলাকেৰে সৈতে