পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৩
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


পাচে পিতৃৰ শিক্ষাৰ অধীনে ব্যাকৰণ পঢ়িবলৈ আৰম্ভ কৰোঁ। ১৭৬৯ শকৰ কাতি মাহলৈকে ব্যাকৰণ পঢ়ি সন্ধিত কিছু ব্যুৎপত্তি জন্মিছিল। সেই মাহৰ আদিতে বা তাৰ আগৰ মাহৰ শেষ ভাগত ৰজাবাহৰ আৰু তাৰ ওচৰৰ গাওঁবিলাকত বিসূচিকা ৰাক্ষসীয়ে উগ্ৰমূৰ্ত্তি ধৰি দেখা দিয়ে; তাতে তেওঁৰ বহু কালৰ আশ্ৰিত ওচৰ চুবুৰীয়াবোৰক সেই পিশাচীৰ দাঁতৰপৰা ৰক্ষা কৰিবৰ মনেৰে পিতৃয়ে সিবিলাকক কয় যে সেই ৰাক্ষসীয়ে কোনো মানুহৰ তেজ শুহিবলৈ ধৰাৰ চিন ওলোৱা মাত্ৰেই তেওঁক সম্বাদ দিলে, তেওঁ তাৰ প্ৰাণ ৰক্ষাৰ কাৰণে যত্ন কৰিব; আৰু ঈশ্বৰৰ অনুগ্ৰহ হলে, কিবা জানি সি তাইৰ হাতৰ পৰা সাৰিব; আৰু ৰাতিও যেন কোনো জনক জহনীয়ে ধৰাৰ সম্বাদ তেওঁ সহজে পাব পাৰিব, এই কাৰণে তেওঁ তেওঁৰ শয্যা চৰা-ঘৰত পাতি ললে আৰু এমাহমান দিনে-ৰাতিয়ে জহনীতপৰা ৰোগীৰ চিকিৎসাত নিযুক্ত থাকি ভালেমান মানুহক সেই দুৰন্ত ৰোগৰপৰা মুক্ত কৰিলে। কিন্তু জহনীয়ে শাম কটাত যেতিয়া গাৱঁৰ সকলো মানুহ নিশ্চিন্ত হৈছিল, সেই সময়ত এদিন ৰাতিপুৱা সেই ৰাক্ষসীয়ে তেওঁক প্ৰৱলৰূপে আক্ৰমণ কৰাত আবেলি তিনি বজামানত শেষ উশাহ লৈ তেওঁ স্বভাৱৰ ধাৰৰপৰা মুক্ত হল।

 সেই সময়ত মোৰ দদাইদেও লক্ষ্মীনাথ বৰুৱা শিৱসাগৰত কলেক্টৰীৰ চিৰস্তাদাৰ আছিল। পিতৃৰ মৃত্যুৰ সম্বাদ পাই তেওঁ আমাৰ ঘৰলৈ গৈ আমাৰ পৰিয়ালৰ সকলোকে শিৱসাগৰলৈ নিলে, আৰু চৰকাৰী কাম শিকিবৰ নিমিত্তে মোক মাহে ৪টকা বেতনত শিক্ষা নবিচ নিযুক্ত কৰিলে; তাতে মই নিতৌ দিনত কাছাৰিত বঙ্গালী লিখিব-পঢ়িবলৈ শিকি পুৱা- গধূলি উৰ্ব্বীধৰ শিৱসাগৰীয়া বৰুৱাৰ পঢ়াশালিত সংস্কৃত পঢ়িবলৈ