পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


কিছুদিন বাট চাই পাচে যেনে উচিত বুজোঁ কৰিম।”

 এইদৰে থাকোঁতে মোৰ ৯ বছৰ-মান বয়স হোৱাত পিতৃয়ে এদিন মোক বিদ্যাৰম্ভ কৰিলে, অৰ্থাৎ বৰ্ণমালাৰ সৈতে ভেঁটাভেঁটি নকৰোৱাকৈয়ে একেবাৰেই সংস্কৃত শব্দ [১] সধাত লগালে, আৰু শব্দ সধাওঁতেই এই ৰূপে মোক আখৰ চিনালে যেনে, এখন ফলিত বিভক্তিবিলাকেৰে সৈতে সাধিব লগীয়া শব্দটো লিখি দি তেওঁ মোক কয় —“এইটো দেৱ শব্দ, এইটো দ তাতে এইটো একাৰ, দত একাৰে দে, এইটো ৱ, দেৱ।” এই প্ৰকাৰে আনবিলাক শব্দৰো আখৰবোৰ চিনাই দিয়াত শব্দ-সাধনৰ অন্তত মই প্ৰায় সমুদায় আখৰ মাতিবপৰা হলোঁ, যি অলপ বাঁকী আছিল, ধাতু সাধোঁতে সেইবিলাকতো মোৰ অধিকাৰ জন্মিল। কিন্তু ভালেমান বয়সলৈকে মই আঙ্ক-আস্ক-আদি ফলাবোৰ ক্ৰম লগাই মাতিব নোৱাৰিছিলোঁ। পূৰ্ব্বে সেইবিলাক নিশিকাই সেই অজ্ঞতাৰ কাৰণ আছিল। শব্দ-ধাতু সধাৰ পাচত মাহচেৰেক দ্ৰোণ-পৰ্ব্ব, কৰ্ণ-পৰ্ব্ব আদি অসমীয়া পদ পুথি, আৰু, বঙ্গালী আখৰ চিনিবৰ কাৰণে, নীতিকথা আৰু মনোৰঞ্জন কিতাপ পঢ়াত নিযুক্ত আছিলোঁ।


  1.  শব্দ-সধাৰ প্ৰকাৰ জোনাকীৰ অনেক পাঠকে নেজানিব পাৰে, এইি নিমিত্তে কওঁ—শব্দৰ ৰূপ (Declension of a noun or pronoun) শিকাকে শব্দ-সাধন বোলা যায়, তাৰ শিক্ষা এইৰূপে হয়। ভালকৈ আখৰ চিনা ছাতৰক অধ্যাপকে এখান ফলিত প্ৰথমা দ্বিতীয়া আদিৰ এক বচন, দ্বিবচন আৰু বহুবচনৰ সি, ঔ, অস, ইত্যাদি বিভক্তবিলাক লিখি প্ৰত্যেক বিভক্তিৰ আগত সাধিবলগীয়া এটা শব্দ লিখিবলৈ কয়, (যেনে, দেৱ সি:) পাচে “সি” কে আদি কৰি বিভক্তি বোৰত সেই শব্দৰ যেনে ৰূপ হয়, তাক এইদৰে শিকায়। —দেৱ শব্দৰ প্ৰথমাৰ সি হল, “লোপ্যেনুবন্ধঃ” “সি” ৰ ইকাৰ লুপ্ত হল, “সোন্তস্য ৱিসৰ্গোৰ্ণ-বিৰামৰোঃ” “স’’ত বিসৰ্গ হল, (ৰূপ হল ) দেৱঃ। এইদৰেই সকলো শব্দৰ ৰূপ শিকোৱা যায়। কিন্তু শব্দ আৰু ধাতু সধাৰপৰা ব্যাকৰণ-শিকাত একো সাহায্য নহয়। সেই কাৰ্য্যত যি সময় ব্যয় কৰা যায়, ভাল নিয়মেৰে শিক্ষা দিলে, তাৰ ভিতৰত ছাতৰে সাধাৰণ সংস্কৃত কবৰ আৰু লিখিবৰ সমৰ্থ হব পাৰে —হ,চ।