পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত্ৰ


মৌজাৰ মৌজাদাৰ হয়, আৰু মৰণ কাললৈকে সেই বিষয়কে ভোগ কৰি আছিল।

 তেওঁ দুজনা ভাৰ্য্যা বিয়া কৰাইছিল। প্ৰথম জনাই এটি পুতেকক সূৰ্য্যৰ পোহৰলৈ আনিয়েই এই জগতৰপৰা বিদায় লোৱাত লৰাটি বুঢ়ী মাকৰদ্বাৰা প্ৰতিপালিত হৈ ডাঙ্গৰ হয়। তেওঁৰ নাম যোগেশ্বৰ আছিল। তেওঁ বহুকাল সংসাৰৰ সুখ ভোগ কৰিবলৈ নেপালে; ১৮ বছৰ বয়সত বিয়াৰ জৰীৰ বান্ধ নৌ লওঁতেই বন্ধুবৰ্গক শোকৰ জুইত পেলাই জীৱন এৰিলে। এই কালৰ ভিতৰতে তেওঁ পিতাকৰ উত্তম শিক্ষাৰ, আৰু নিজৰ চোকা বুদ্ধিৰ গুণে সংস্কৃত ভাষা আৰু বৈদ্য- বিদ্যাত বৰ পাৰ্গত হৈছিল।

 যোগেশ্বৰৰ মৃত্যুৰ কিছু বছৰৰ আগেয়ে পিতৃয়ে মোৰ আইক বিয়া কৰাত তেওঁৰ এটি কন্যা হোৱাৰ পাছত মই জন্ম ধৰোঁ, আৰু জ্যেষ্ঠৰ পৰকাল-প্ৰাপ্তিৰ সময়ত বছেৰেকীয়া লৰা আছিলোঁ। তেওঁক হেৰুৱাই পিতৃয়ে ইমান শোক পাই- ছিল যে মই বিদ্যা শিকিবৰ বয়স পোৱাৰ কেইবা বছৰৰ পাচলৈকে মোৰ আগত শিক্ষাৰ নামকে নুলিয়াইছিল; এই কাৰণে ৭ কি ৮ বছৰমান বয়সলৈকে মই লোকৰ মুখে শুনি বৰ্ণমালাৰ আখৰ কেইটা মাতিবপৰা হোৱাত বাজে আন একোকে নেজানিছিলোঁ, আৰু পোনেই মাকৰ গৰ্ভৰপৰা ওলোৱা লৰাতকৈ আখৰেৰে সৈতে মোৰ অধিক চিনাকী নাছিল। কোনোৱে পিতৃক মোৰ শিক্ষাত ইমান আওহেলা কৰাৰ কাৰণ সুধিলে তেওঁ এইদৰে কৈছিল যে “এটাক বহুত যত্নেৰে বিদ্যা শিকোৱাৰ পৰা কি লাভ পালোঁ? কেৱল শোকৰ অগ্নিৰ তাপ দুগুণ হল মাথোন; শিক্ষাৰ অন্তত ইয়াৰো তাৰ নিচিনা দশা হলে সেই জুয়ে মোক পুৰি মাৰিব, এই ভয়তে মনে মনে আছোঁ, আৰু