পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


যিজন পুত্ৰ তেৱেঁই ডাঙ্গৰীয়া ৺দীননাথ বেজবৰুৱাৰ পিতামহ। অঙ্গদ বৰুৱাৰ পুত্ৰ কৃষ্ণৰাম : কৃষ্ণ ৰাম বেজবৰুৱা ৰাজেশ্বৰসিংহ স্বৰ্গদেৱৰ বেজবৰুৱা আছিল। কৃষ্ণৰাম বেজবৰুৱাৰ পুত্ৰ জ্যেষ্ঠ হলিৰাম বৰুৱা, আৰু কনিষ্ঠ দীননাথ বেজবৰুৱা। দীননাথ বেজবৰুৱা পুৰন্দৰসিংহ স্বৰ্গদেৱৰ বেজবৰুৱা আছিল। হলিৰাম বৰুৱা সুবিখ্যাত ৺ পূৰ্ণানন্দ বৰুৱা “ছোটচাহাবৰ” পিতামহ।

⸻⸻


আত্মজীৱন চৰিত

 কলিকতাত প্ৰকাশিত ৪ৰ্থ ভাগ জোনাকীত হেমচন্দ্ৰ বৰুৱাই কেইজনমান বন্ধুৰ অনুৰোধত আত্ম-জীৱন চৰিত প্ৰকাশ কৰি গৈছে। গতিকে তেখেতৰৰ সংক্ষিপ্ত জীৱনী স্বৰূপে আত্মচৰিত তলত প্ৰকাশ কৰা গল—

 ১৭৫৭ শকত আঘণ মাহৰ ২৪ দিন যাওঁতে মঙ্গলবাৰে কৃষ্ণা চতুৰ্থীৰ ৰাতি শিৱসাগৰ জিলাৰ ৰজা-বাহৰ নামে ঠাইৰ পৈতৃক ঘৰত মোৰ জন্ম হয়। মোৰ পিতৃৰ নাম মুক্তাৰাম বৰুৱা; তেওঁ সংস্কৃত ভাষাৰ আৰু বৈদ্যশাস্ত্ৰৰ পাৰদৰ্শিতাৰ নিমিত্তে প্ৰখ্যাত আছিল। আমাৰ পূৰ্ব্ব পুৰুষসকলে অসম ৰজাৰপৰা যি যি বিষয় পাইছিল, সেইবোৰৰ কথা লিখিবৰ সকাম নাই; কিয়নো সেই কথাৰ অলপ-অচৰপ এই দেশৰ প্ৰায় সকলো লোকৰ জনা আছে। অসম ইংৰাজৰ ৰাজ্য হোৱাৰ কিছুমান বছৰৰ মুৰত মুক্তাৰাম বৰুৱা নিজ মিছামৰা