পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


ভিতৰতে জ্ঞাতি বংশ দাস দাসীৰে চাৰিশ ঘৰ বেজবৰুৱা বংশৰ মানুহ আছিল।

 জগন্নাথ বৰুৱাৰ সাতোটি পুত্ৰ আৰু দুই ভাৰ্য্যা। বৰ জনা ভাৰ্য্যাৰ তিনিজন, আৰু সৰুজনাৰ চাৰিজন পুত্ৰ। বৰজনাৰ পুত্ৰ কেইজনৰ নাম – হৰিনাথ বৰুৱা, শ্ৰীকান্ত বৰুৱা, আৰু কমলাকান্ত খঙ্গীয়াবৰুৱা। সৰুজনাৰ পুত্ৰ কেইজনাৰ নাম ৰঘু বৰুৱা, বিষ্ণু বৰুৱা আৰু অঙ্গদ বৰুৱা। কমলাকান্ত খঙ্গীয়া বৰুৱাৰ দহজন পুত্ৰ হয়; তেওঁলোকৰ নাম-লক্ষ্মী বৰুৱা, যজ্ঞো ডেকা, শ্ৰীকান্ত, গঙ্গাই বৰুৱা, খোৰা ডেক।, হৰি, বলাই, শ্ৰীৰাম দেৱৰাম, ধৰ্ম্মকান্ত।

 গঙ্গাই বৰুৱাক লক্ষ্মীসিংহ স্বৰ্গদেৱে বৰ-ভণ্ডাৰ বৰুৱা পাতে। গঙ্গাই বৰুৱাৰ পাঁচজন পুত্ৰ আৰু এজনী ছোৱালী। ১ম মধুৰাম, ২য় তুৱাৰাম, ৩য় দেৱৰাম, ৪ৰ্থ দধিৰাম, ৫ম বাপুৰাম। ছোৱালীজনীৰ নাম অভি। মধুৰাম বৰুৱা আয়ুৰ্ব্বেদ বিদ্যাত পৰম নিপুণ আছিল। মধুৰাম বেজবৰুৱাৰ এটি পুত্ৰ হল, তেওঁৰ নাম মুক্তাৰাম বৰুৱা। এই মুক্তাৰাম বৰুৱাৰ তিনি জন পুত্ৰৰ (হেমচন্দ্ৰ, তুলসীৰাম, কমল ) জ্যেষ্ঠজনৰ নামেই সুবিখ্যাত হেমকোষ অভিধানৰ গ্ৰন্থকৰ্ত্তা হেমচন্দ্ৰ বৰুৱা।

 মধুৰাম বৰুৱাৰ চতুৰ্থ ভ্ৰাতা দধিৰামৰ দুজন পুতেক হয়, প্ৰথমজনৰ নাম লক্ষ্মীনাথ, দ্বিতীয়জনৰ নাম চন্দ্ৰকান্ত বৰুৱা। এই লক্ষ্মী নাথ বৰুৱাই হেমচন্দ্ৰ বৰুৱাৰ খুৰাক ৺লক্ষ্মীনাথ গজপুৰীয়া বৰুৱা।

 কথাৰ প্ৰসঙ্গতে এইখিনিতে কওঁ যে ওপৰত কৈ অহা জগন্নাথ বৰুৱাৰ বৰজনা ভাৰ্য্যাৰপৰা হোৱা দেখি হেমচন্দ্ৰ বৰুৱাৰ ঠালটোক “বৰজনীৰ পৰিয়াল” বোলে। জগন্নাথ বৰুৱাৰ সৰুজনা ভাৰ্য্যাৰপৰা বঢ়া ঠালটোক “সৰুজনীৰ পৰিয়াল” বোলে। জগন্নাথ বৰুৱাৰ সৰুজনা ভাৰ্য্যাৰ অঙ্গদ নামে