পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


আচৰণ কৰি কাশীলৈ গৈ দণ্ড গ্ৰহণ কৰি দণ্ডী হৈছিল, আৰু কাশীতে প্ৰাণ পৰিত্যাগ কৰে। তেওঁলোকক যোগসিদ্ধ দেখি আসামৰ ৰজাই মান্য কৰি শ্বেত কম্বল দি গোসাঁই উপাধি দিছিল। কাকতীয়া ঘৰৰ শিৱনাথ তামুলী ফুকনকে আদি কৰি আসামৰ অনেক ভদ্ৰলোকে তেওঁলোকৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। দুৰ্গোৎসৱৰ সময়ত আসামৰ ৰজাঘৰৰপৰা বছৰে বছৰে তেওঁলোকক দুৰ্গাপ্ৰতিমা পূজা কৰিবলৈ দিছিল; আৰু মহুৰা, বচা, দিচৈ, মাজুলি আৰু উত্তৰপাৰত অনেক ব্ৰহ্মোত্তৰ মাটি ৰজাই দান কৰিছিল। সেইবোৰ মাটিৰ কোনো কোনো খণ্ড এতিয়ালৈকে বেজবৰুৱা ঘৰৰ ভোগত আছে। দুৰ্ল্লভ গোসাঁইৰ এজন পুত্ৰ আছিল, তেওঁৰ নাম বিশ্বেশ্বৰ। তেওঁ শাস্ত্ৰত পৰম পণ্ডিত হোৱা বাবে ভট্টাচাৰ্য্য উপাধি পাইছিল।

 নিৰঞ্জন বিখ্যাত বেজবৰুৱা আছিল। তেওঁ অনেক তীৰ্থ ভ্ৰমণ কৰিছিল, আৰু পৰম ধৰ্ম্মশীল, বিদ্বান, আৰু বৈষ্ণৱ আছিল। তেওঁৰ পুতেকৰ নাম জগন্নাথ। জগন্নাথে ৰজাৰ ঘৰৰপৰা বৰ-ভঁৰালী বৰুৱা বিষয় পাইছিল; আৰু ৰজাৰ আজ্ঞামতে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দেশ পাতি প্ৰজা বহুৱাই বৰ যশস্যা উপাৰ্জ্জন কৰি, ৰজাৰপৰা অনেক মাটিবাৰী হাতী ঘোঁৰা দাস দাসী বঁটা পাইছিল। উত্তৰপাৰে ৮ কোণীয়াকৈ আঠোটা শিলৰ খুটি পোটাই ৰজাই তেওঁক এডোখৰ মাটি দিছিল, সেই ডোখৰক শিলপোতা বোলে। সেই শিলৰ খুটাবোৰৰ চিন এতিয়ালৈকে আহে। সেই খুটাৰ ভিতৰত যিডোখৰ মাটিত যিবোৰ মানুহ আছিল, সেইবোৰ তেওঁক পাইক কৰি দিয়া হৈছিল। ৰজাই হাতীৰে গছকাই সেই মাটিত আঠোটা ঢাপ কৰাই দিছিল; ঢাপৰ কাষে কাষে একোটা গৰ-খাৱৈ কৰাই ঘৰবাৰী সজোৱাই দিছিল। তাৰ