পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৭
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


মানি কলে – “এওঁ কি একাচেকা বৰুৱা একা!” তেতিয়াৰ পৰা তেওঁৰ নাম “একাচেকা বৰুৱা” হল।

 গোবিন্দ বৰুৱাব তিনটি পুত্ৰ হয়। জ্যেষ্ঠ পুত্ৰৰ নাম জয়হৰি বৰুৱা, কনিষ্ঠৰ নাম অনুৰ্মপা বৰুৱা, আৰু মধ্যম পুত্ৰৰ নাম পুৰুষোত্তম বৰুৱা। পুৰুষোত্তম বৰুৱা বৰ বিখ্যাত লোক আছিল। ৰজাৰ ঘৰতো তেওঁ এজন ডাঙ্গৰ বিষয়া হৈ ৰজাৰ সন্মান আৰু প্ৰীতিৰ পাত্ৰ হৈছিল, আৰু প্ৰজাৰ মাজতো তেওঁ মহা সন্ত শিষ্ট আৰু সাধুলোক বুলি প্ৰখ্যাত আছিল। সেইদেখি আজিলৈকে আসামত বেজবৰুৱাৰ ঘৰৰ লৰাক “পুৰুষোত্তম বৰুৱাৰ নাতি” বুলি বৈষ্ণৱ ধৰ্ম্মৰ প্ৰধান কেন্দ্ৰ সত্ৰসভা আদিত কয়। এই পুৰুষোত্তম বৰুৱায়ে প্ৰথমতে উজনিত মহাপুৰুষীয়া ধৰ্ম্মৰ প্ৰধান সত্ৰ কমলাবাৰী সংস্থাপক পদ্ম আতা বা বদুলা আতাৰ ওচৰত বৈষ্ণৱ ধৰ্ম্ম গ্ৰহণ কৰে। কমলাবাৰীখন পুৰুষোত্তম বৰুৱাৰে কমলাটেঙাৰ অৰ্থাৎ সুমথিৰাটেঙাৰ বাৰী আছিল। বদুলা আতাই তেওঁক সেইখন খুজি লৈ সত্ৰ পাতে। পুৰুষোত্তম বৰুৱাই মহাপুৰুষীয়া ধৰ্ম্মক ধৰিবৰেপৰা, উজনিত মহাপুৰুষীয়া ধৰ্ম্মই ৰজা আৰু ডাঙ্গৰ ডাঙ্গৰ ৰাজবিষয়াসকলৰ ভিতৰত প্ৰভাৱ বিস্তাৰ কৰে; আৰু অনেক বৰ বৰ ৰাজবিষয়াইও বৰুৱাৰ আৰ্হি লৈ সেই ধৰ্ম্ম গ্ৰহণ কৰে।

 পুৰুষোত্তম বৰুৱাৰ ৯ জন পুতেক হয়। তেওঁলোকৰ নাম – শিমলুঅটীয়া, নিৰাই, নিৰঞ্জন আকৰা, হালধিঅটীয়া, আৰু চাৰিজন। প্ৰথম ৫ জনৰ ৯ জন ৯ জনকৈ ৪৫ জন পুত্ৰ হৈছিল : শেষৰ চাৰিজন অপুত্ৰক আছিল। নিৰাইৰ ৯ জন পুতেকৰ ভিতৰত দুজন জীয়াই আছিল,—তেওঁলোকৰ এজনৰ নাম উগ্ৰসেন, আনজনৰ নাম দুৰ্ল্লভ। এওঁলোক দুইজনে যোগ