পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৬
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


ব্ৰাহ্মণতকৈ তল খাপৰ জাতি এটাৰ ভিতৰত আয়ুৰ্ব্বেদ শাস্ত্ৰৰ চৰ্চ্চা আৰু প্ৰচাৰ যেনেকৈ আবদ্ধ, ভাৰতবৰ্ষৰ অন্য প্ৰদেশত, আৰু বিশেষকৈ পশ্চিমত তেনে নহয়। বিশিষ্ট অগাধ পণ্ডিত বিদ্বান ব্ৰাহ্মণসকলেহে তাত আয়ুৰ্ব্বেদ শাস্ত্ৰৰ চৰ্চ্চা কৰে; আসামতো তেনেকুৱাই। কলিবৰ ব্ৰাহ্মণৰ প্ৰগাঢ় পাণ্ডিত্য আৰু আয়ুৰ্ব্বেদ শাস্ত্ৰত নৈপুণ্যৰ বিষয়ে জয়ধ্বজ সিংহই শুনিবলৈ পাই, তেওঁক বৰ সমাদৰ কৰি আসামতে ৰাখি, এই দেশৰ বেজসকলৰ ভিতৰত প্ৰধান বেজবৰুৱাৰ পদ দিলে, আৰু উত্তৰ-লক্ষীমপুৰ আদি ঠাইত ১০০০ পুৰা অৰ্থাৎ ৪০০০ বিঘা নিষ্কৰ মাটি ব্ৰহ্মোত্তৰকৈ দি, অনেক ধন-ধান্য আৰু দাস-দাসী দিলে। তেতিয়াৰে পৰা কলিবৰ বৰুৱাৰ ঘৰ বেজবৰুৱাৰ ঘৰ বুলি প্ৰখ্যাত হল। কলিবৰৰ লগত কলিমন নামে এজন ব্ৰাহ্মণ আহিছিল। তেৱোঁ কলিবৰৰ জ্ঞাতি হোৱা হেতুকে কলিবৰৰ লগতে থাকিল। কলিমনৰপৰা বঢ়া বংশক মৃদঙ্গীয়া ফৈদ বোলে।

 কলিবৰ বৰুৱাৰ পুত্ৰ গোবিন্দ বৰুৱা। গোবিন্দ বৰুৱাৰ আৰু এটা নাম আছিল “একাচেকা বৰুৱা”। এই নামটো তেওঁক ৰজাই দিছিল। ৰজাৰ এটা বৰ মৰমৰ হাতী আছিল। হাতীটোৰ ভৰি এখন উখহি পকি হাতীটো মৰিবলগীয়া হৈছিল। তথাপি ৰজাৰ আন আন বেজসকলে তাক ভাল কৰিবপৰা নাছিল। গোবিন্দ বৰুৱাক ৰজাই হাতীটো চিকিৎসা কৰিবলৈ কলত, তেওঁ ভালকৈ হাতীৰ ভৰিটো পৰীক্ষা কৰি বুজিলে যে তাত এডাল হুল সোমাইহে তেনে হৈছে। তেওঁ এখন ডাঙ্গৰ আৰ-কাপোৰ তৰাই তাৰ ভিতৰত হাতীটো সুমাই তাক বহুৱাই লৈ, এডাল সঁৰাহেৰে সেই হুলডাল উলিয়াই আনিলত হাতীটো ভাল হল। ৰজাই তাতে বৰ আচৰিত