পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

হেমকোষ ৰচোঁতা

হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


হেমচন্দ্ৰ বৰুৱাৰ আঁতি-গুৰি

 শ্ৰীযুত লক্ষ্মীনাথ বেজবৰুৱা ডাঙৰীয়াই হেমকোষ ৰচোতা হেমচন্দ্ৰ বৰুৱাৰ আঁতি-গুৰি সম্পৰ্কে এইদৰে পৰিচয় দিছে। “জয়ধ্বজসিংহ ৰজাৰ দিনত [১] ( বুঢ়া ভগনীয়া ৰজা) কলিবৰ নামে এজন ব্ৰাহ্মণ আসামলৈ আহে। তেওঁ কাণ্যকুব্জ দেশৰ ব্ৰাহ্মণ আছিল। তীৰ্থ পৰ্যটন কৰিবৰ মনেৰে তেওঁ কাণ্যকুব্জৰপৰা ওলাই আহি অনেক তীৰ্থ ভ্ৰমণ কৰি শেহত হয়গ্ৰীৱমাধৱ, কামাখ্যা আদি তীৰ্থ দৰ্শন কৰিবৰ মনেৰে আসাম পায়হি। তেওঁ বেদবেদাঙ্গাদি শাস্ত্ৰত প্ৰগাঢ় পণ্ডিত আৰু আয়ুৰ্ব্বেদ শাস্ত্ৰত পৰম নিপুণ আছিল। বঙ্গদেশত বৈদ্য বুলি


  1. জয়ধ্বজসিংহৰ ৰাজত্ব কাল ১৬৪৯-১৬৫৩ খৃষ্টাব্দ। ১৬৫২ খৃষ্টাব্দত মিৰজুমলাই আসাম আক্ৰমণ কৰাত জয়ধ্বজসিংহে তেওঁৰ ৰাজধানী গৰগাওঁ এৰি চৰাইদেউ আৰু নামৰূপলৈ পলাই গৈছিল। আৰু তেওঁ বুঢ়া আছিল। সেইবাৰ তেওঁক বুঢ়া ভগনীয়া ৰজাও বোলে।