পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


নকৰিবৰ আন কাৰণো থাকিব পাৰে। অথবা ছপাওঁ ছপাওঁ বুলি ভাবোতেই মৃত্যু হব পাৰে। অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাক কেৱল এনে এটি অনুমান কৰা কাৰণৰ বাবে কৃপণৰ চেক তেওঁৰ গাত পেলাবলৈ সহজে মান্তি হব নোৱাৰোঁ। বাঁৰী দুখুনীৰ চকুৰ লো মচিবলৈ, খোজনীয়াক খুদ কণ দিবলৈ আৰু নিজে ভাল বা উপযুক্ত বিবেচনা কৰা কাৰ্য্যত দহজনৰ লগত হাত উজান দিবলৈ হেমচন্দ্ৰ পিছপৰা নাছিল।

 ইংৰাজৰ আমোলত তেতিয়া সুৰাপান আদি কেতবোৰ দোষে সমাজক কলঙ্কিত কৰিছিল। সুৰাপানৰ ঢৌ সমাজৰ সৰু বৰ সকলোৰে মাজত বৰকৈ উঠিছিল। হেমচন্দ্ৰ এই ঢৌৰ খুন্দা নোখোৱাকৈ থকা নাছিল। সুৰাপানত হেমচন্দ্ৰ এনে অভ্যস্ত আছিল যে “বিনা সুৰাপানে কলম ধৰিলে কলম নচলে”—এনে কথাও মানুহৰ মুখত শুনা আছে। এইবোৰ বিষয়ৰ সূক্ষ বিচাৰ আমাৰ আলোচ্য নহয়। বৃদ্ধ অৱস্থাত হেমচন্দ্ৰই ঔষধ স্বৰূপে সুৰা ব্যৱহাৰ কৰিছিল! তেওঁ সদাই বাত-বিষালি ৰোগত ভুগিছিল আৰু সুৰাই হেনো তেওঁৰ যন্ত্ৰণা লাঘব কৰিছিল। হেমচন্দ্ৰই সুৰাপান কৰিলেও জ্ঞান হেৰুৱাই মতলীয়া হৈ গৰ্হিত কাম কৰাৰ কথা কোনো শত্ৰুৱেও কব নোৱাৰে। সুৰাপানৰ লগৰীয়াসকলৰ মাজত বহুতবোৰ খুহুতীয়া কথা ওলায়। এবাৰ বোলে কোনোবা এজনে হেমচন্দ্ৰক সুধিলে “বৰুৱা আপুনি স্পিৰিট ( অৰ্থাৎ ভূত বা দেৱতা ) মানেনে? হেমচন্দ্ৰই ততালিকে কলে “মানোতো, নপতিওৱা যদি চোৱা সৌৱা গাৰুৰ তলত মোৰ স্পিৰিট ( অৰ্থাৎ মদ ) আছে।” হেমচন্দ্ৰৰ এনে খুহুতীয়া কথা শুনি ভদ্ৰলোক জনে কলে “বৰুৱা