পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


এদিনাখন গুৱাহাটীৰ এখন সভালৈ হেমচন্দ্ৰ বৰুৱা নিমন্ত্ৰিত হৈছিল। হেমচন্দ্ৰ বৰুৱা সভা বহিবব নিৰ্দিষ্ট সময়ৰ পাঁচ মিনিট আগতে গৈ সভা স্থলিত উপস্থিত হল। কিন্তু নিৰ্দ্ধাৰিত মানুহৰ অভাৱত সভা পাতিব পৰা নগল। হেমচন্দ্ৰ বৰুৱাই নিৰূপিত সময় অতীত হওঁতে সভা নবহা দেখি ততালিকে উলটি আহিল। এই সভা নিৰ্দ্ধাবিত সময়ৰ বহুত পৰৰ পিছত হে বহিল। কিন্তু কেইজন হেমচন্দ্ৰৰ দৰে সময় নিষ্ঠ হব পাৰে?

 খোৱা লোৱা বিষয়তো হেমচন্দ্ৰ বৰুৱা অতি নিয়মীয়া আছিল। ৰায় চাহেব পদ্মনাথ গোঁহাই বৰুৱাই কয় যে আন কি কাঁহীত ভাত চৰাকৈ দেখিলে জোখাকৈ নিদিয়ালৈকে হেমচন্দ্ৰ পাতত নবহিছিল। তেওঁৰ এটি জোখৰ বাটি আছিল, এই বাটিত ভাত টিপি ভৰাই কাঁহীত বাটিটো উবুৰিয়াই নিতৌ এক জোখতে ভাত দিব লাগিছিল। সদাই এক সময়তে নিৰলে বহি হেমচন্দ্ৰই আহাৰ কৰিবলৈ ভাল পাইছিল। হেমচন্দ্ৰৰ পিন্ধন উৰণত লাহ বাহ নাছিল। কিন্তু পৰিষ্কাৰ পৰিচ্ছনতা সদাই সকলো কথাতে বিচাৰিছিল। হেমচন্দ্ৰ বৰ আটিপুটিকৈ চলা ধৰণৰ লোক আছিল। সেইবাবে কোনো কোনোৱে তেওঁক কৃপণ বুলিবলৈও কুণ্ঠিত হোৱা নাছিল। ৰায় বাহাদুৰ কনকলাল বৰুৱাই কয় যে “হেমচন্দ্ৰ বৰুৱা বাস্তৱিক কৃপণ আছিল, নহলে নিজৰ যি সাঁচতীয়া ধন আছিল আৰু যি ধন তেওঁৰ মৃত্যুৰ পাছত তেওঁৰ উত্তৰাধিকাৰীসকলে পালে তাৰেই সহজে হেমচন্দ্ৰ বৰুৱাই জীৱদ্দশাতে হেমকোষ অভিধান ছপা কৰি উলিয়াব পাৰিলেহেঁতেন। কিন্তু তাকে নকৰি অলপ খৰচতে ছপা কৰিব পৰাকৈ তেওঁ এখন সৰু পঢ়াশলীয়া অভিধান লিখিলে।” কিন্তু হেমকোষ তেতিয়া ছপা