পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


আপোনাক ইমান দিনে “নীৰস তৰুবৰ” বুলি ভাবিছিলো; কিন্তু এতিয়া দেখিছোঁ “ৰসে টুপটুপ জিম”। আমি হেমচন্দ্ৰৰ গুণৰ হে পূজা কৰোঁ। তেওঁৰ দোষ খোঁচৰা আমাৰ উদ্দেশ্য নহয়। যি জন অসমীয়া ভাষাৰ ঘাই ওজা, যাক অসমীয়া লিখকে হাতত কাপ তুলি লৈ এবাৰ সুৱঁৰি চাই আৰু যাক সাক্ষী মানিলে ভাষা বা ব্যাকৰণব বাগ্‌ বিতন্দা কৰিবলৈ লোকে সঙ্কোচ কৰে, সেই অসমীয়াৰ চিৰহিতৈষী হেমচন্দ্ৰ বৰুৱাৰ গুণাৱলীৰ লগতহে আমাৰ সম্বন্ধ।

 হেমচন্দ্ৰ বৰুৱাৰ জন্মস্থান শিৱসাগৰ। ই এখন প্ৰাচীন ঐতিহাসিক কীৰ্ত্তিৰে পৰিপূৰ্ণ ঠাই। শিৱদ’ল, জয়সাগৰ কাৰেংঘৰ আহোম ৰজাৰ যুগমীয়া কীৰ্ত্তি আৰু অসমীয়াৰ গৌৰৱৰ বস্তু। মীৰজুম্লাই অসম আক্ৰমণ কৰিবৰ সময়ত মহম্মদ ওৱালি নামেৰে এজন কাকতী তেওঁৰ লগত আহিছিল। এই কাকতীজনে ফঠিয়াহ-ই-ইব্ৰীয়াহ নামেৰে এখন পাৰশ্য ভাষাৰ গ্ৰন্থত শিৱসাগৰৰ গৰগাঁৱৰ বিৱৰণ সুন্দৰকৈ বৰ্ণাই গৈছে। তেওঁ এনে কথাও লিখি থৈছে “হায়! এনে এখন নগৰ আমাৰ সম্ৰাটৰ ৰাজ্যৰ অন্তৰ্ভুক্ত হোৱা নাই।” শিৱসাগৰৰ অলৌকিক সমৃদ্ধি আৰু সুনিপুণ কাৰুকাৰ্য্য দেখি বিদেশী পৰিব্ৰাজক মাত্ৰেই ইয়াক প্ৰশংসা নকৰাকৈ থকা নাই। এনে বুৰঞ্জী কীৰ্ত্তিৰে ভৰপূৰ দেশত এটি উত্তম বৰ্ণৰ, সভ্ৰান্ত বংশৰ সন্তান হেমচন্দ্ৰ বৰুৱাই অসম আকাশত অসমীয়া জাতিৰ স্বাতন্ত্ৰ্য ৰক্ষাৰ অৰ্থে যি অনুপম আদৰ্শ ৰাখি গল সি এতিয়া কিয় ভবিষ্যতেও, অসমীয়া ভাষা থাকে মানে অসম সন্তানৰ স্মৃতিৰপৰা বিলুপ্ত হব নোৱাৰে আৰু নহয়ো।