পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


গুণাগুণ বিচাৰ কৰি হেমচন্দ্ৰ বৰুৱাই অতি অসহনীয় কথা শুনিব লগীয়া হৈছিল। সেই বাবে হেমচন্দ্ৰই প্ৰকাশ কৰিলে যে আগলৈ আসাম নিউচত আৰু সমালোচনা কৰা নহব। এনে কথা হেমচন্দ্ৰৰ মুখৰপৰা শুনিবলৈ অসমীয়া আকৌ মান্তি নহয়। আসাম বন্ধুৰ সম্পাদক ৰায় গুণাভিৰাম বৰুৱা বাহাদুৰে তেওঁৰ পত্ৰিকাৰ জৰীয়তে প্ৰকাশ কৰিলে যে কিতাপৰ গুণাগুণ বিচাৰ কৰা বিষয়ত হেমচন্দ্ৰ বৰুৱা অতি যোগ্য লোক। তেওঁৰ নিচিনা পাৰ্গত লোকে এনে কাম নকৰিলে আৰু আনে কোনে কৰিব? পুথি লিখোঁতাসকলে পুথিৰ যথাযোগ্য গুণ বিচাৰ হলে অসন্তুষ্ট হোৱা অযুগুত। হেমচন্দ্ৰ বৰুৱা অতি যোগ্যতৰ লোক। আসাম নিউচত পুথি সমালোচনা হলেহে পুথি ভাল নে বেয়া স্থিৰ হব। জনসাধাৰণৰ মাজত হেমচন্দ্ৰৰ ওপৰত এনে অটল বিশ্বাস আছিল।

 মনুষ্য হিছাপে হেমচন্দ্ৰৰ গাত অশেষ গুণ আছিল। বৃদ্ধ অৱস্থাত হেমচন্দ্ৰক অসমীয়াই পকা ঠেকেৰা যেন থুলন্তৰ পুৰুষ বুলিছিল। তেওঁৰ মুখৰ শ্ৰীত আৰু চকুৰ জেউতিত সদাই ডাঙ্গৰৰ ভাব ফুটি ওলাইছিল। তেওঁৰ হৃদয় উদাৰ আৰু মন প্ৰশস্ত আছিল। হেমচন্দ্ৰৰ চিন্তা কৰিবলৈ শীতল মগজু, কলম ধৰিবলৈ সক্ষম হাত আৰু মিঠা মাতেৰে সম্বোধন কৰিবলৈ মধুৰ স্বৰ আছিল। এই স্বৰ আকৌ বক্তৃতাত অনৰ্গল; শাসনত ভৈৰৱ আৰু পুৰণি পুথি পঢ়োতে সুললিত হৈছিল। বন্ধু- বান্ধবৰ আলাপত হেমচন্দ্ৰ সদাই মিষ্টভাষী আছিল। হেমচন্দ্ৰই শেহৰ ছোৱা জীৱনত সদাই ঠেঙ্গা ব্যৱহাৰ কৰিছিল। আৰু কেতবোৰ ধৰা বন্ধা নিয়মৰ বশৱৰ্ত্তী হৈ ঘড়ীৰ দৰে চলিবলৈ যত্ন কৰিছিল। সেইবাবে কোনো কোনোৱে তেওঁক “চাহাবী মেজাজৰ” লোক বুলি ভিতৰে ভিতৰে উপলুঙ্গা কৰিছিল।