পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হেমচন্দ্ৰ বৰুৱাব জীৱন চৰিত


শিৱসাগৰৰ উদাৰ পাদ্ৰীসকলৰ সংসৰ্গত দূৰ ভবিষ্যৰ উপকাৰ ঘটিছিল। হেমচন্দ্ৰক ইংৰাজী শিক্ষা দিয়া বিষয়ত শিৱসাগৰৰ মিশ্যনাৰী চাহাবসকল অতি উদাৰ আছিল। সিবিলাকৰ উত্তেজনাত আৰু সজ আদৰ্শতহে হেমচন্দ্ৰই জ্ঞানৰ পথত অগ্ৰসৰ হব পাৰিছিল। বিদ্যা আৰ্জ্জনৰ কথা ভাবিলে হেমচন্দ্ৰৰ পুৰুষালিক কোনেও নবখানি নোৱাৰে। স্কুল-কলেজত নপঢ়ি বিশ্ববিদ্যালয়ৰ খিতাপধাৰী নহৈ আদিৰপৰা অন্তলৈকে আত্ম-নিৰ্ভৰ কৰি নিজ জ্ঞানসাধনাৰে ৰজাঘৰৰ বাছকবনীয়া বৃত্তি সুখ্যাতিৰে আৰু দক্ষতাৰে সমাপন কৰি তাৰ ভিতৰত সময় উলিয়াই মাতৃভাষাৰ পূজাত একাগ্ৰচিত্তে লাগি অশেষ পৰিশ্ৰমৰ ফলত ভাষাৰ অভিধান প্ৰণয়ন কৰাৰ নিচিনা গুৰুতৰ আৰু দায়িত্বপূৰ্ণ কামতো হেমচন্দ্ৰই কৃতিত্ব লভিছিল। হেমচন্দ্ৰই “আদি পাঠৰে” পৰা আৰম্ভ কৰি অসমীয়াত কিতাপ ৰচনা কৰে আৰু সেই সময়ত অভাৱ অনুযায়ী উপযুক্ত অসমীয়া পুথি ৰচনা কৰি ৰজাঘৰৰ পৰা পৰিশ্ৰমৰ ফল স্বৰূপে বা উপযুক্ত অসমীয়া লিখকক সম্বৰ্দ্ধনা কৰাৰ উদ্দেশ্যে গবৰ্ণমেন্টৰপৰা হেমচন্দ্ৰই মাতৃভাষা চৰ্চ্চাৰ গুণত ১১০০্ শ টকা পুৰস্কাৰ পাইছিল। এনে পুৰস্কাৰ কেইজনৰ ভাগ্যত ঘটিছে? অৱশ্যে হেমচন্দ্ৰক সময়েও এটি সুবৰ্ণ সুযোগ দিছিল।

 হেমচন্দ্ৰৰ জীৱন চৰিত আলোচনা কৰিলে দেখা যায় যে জ্ঞান অৰ্জ্জন কৰিবৰ মানুহৰ ইচ্ছা থাকিলে জ্ঞান অৰ্জ্জনৰ প্ৰতিজ্ঞাৰ বাহিৰে আৰু আন একো উপায় নাই। দুপৰ নিশালৈ বন্তি জলাই গ্ৰন্থ অধ্যয়ন কৰা বা এলাহ নিহালি থৈ পৰিশ্ৰম আৰু অধ্যৱসায়ক আকোৱালি ধৰা হেমচন্দ্ৰৰ জীৱনত সফলতা লাভ কৰাৰ যেন গুপ্ত মন্ত্ৰ আছিল।