পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


আত্মনিৰ্ভৰ বা স্বাবলম্বন তেওঁৰ জীৱনৰ যেন সঙ্গী হৈছিল। মাতৃভাষাৰ চৰ্চ্চা যেন ঈশ্বৰ প্ৰেৰিত আছিল। এনে কথা কোৱা আছে যে তেওঁৰ সাহিত্য চৰ্চ্চাত কিবা প্ৰকাৰে ব্যাঘাত জন্মে বুলি দুবাৰকৈ যাচি দিয়া একষ্ট্ৰা এচিচ্টেন্ট কমিশ্যনাৰ পদৰ নিচিনা খিতাপকো তেওঁ লবলৈ অবান্তি হৈছিল। মাতৃভাষাৰ আহ্বানত হেমচন্দ্ৰই এই উচ্চ পদক তুচ্ছ জ্ঞান কৰিছিল। অসমীয়া ভাষাৰ যথাৰ্থতে তেওঁ একনিষ্ঠ সেৱক আছিল।

 অসমীয়া সাহিত্যত হেমচন্দ্ৰ বৰুৱাৰ আসন সদাই ওপৰত। হেমচন্দ্ৰক আধুনিক অসমীয়া সাহিত্যৰ যুগপ্ৰৱৰ্ত্তক বুলিব পাৰি। তেৱেঁই অসমীয়া ভাষাৰ গঢ়গতি লগালে তেৱেঁই অসমীয়া ৰচনাৰ নিয়ম প্ৰণালী বান্ধি দি অসমীয়া লিখাৰুসকলৰ মাজত শৃঙ্খলা লগালে। তেওঁৰ বিষয় এনে কথা কব পাৰি যে “অসমীয়া ভাষাটোক হেমচন্দ্ৰই খণ্ড খণ্ড কৰি, তাৰ গঠন আৰু গঠন প্ৰণালীটোক ভাঙ্গি ছিঙ্গি ভিন ভিন কৰি দেখুৱাই, সেই ভিন ভিন খণ্ডবিলাকৰ ভিন ভিন নাম দিলে। মুঠতে হেমচন্দ্ৰই যেন অসমীয়া ভাষাটোক ফালি ছিৰি তাৰ ভিতৰ ডোখৰ কেনেকুৱা তাক দেখুৱাই দিলে।” হেমচন্দ্ৰৰ নিচিনা ভাষা বিজ্ঞানত পাকৈত লোকৰ আবিৰ্ভাৱ নোহোৱা হলে হেমচন্দ্ৰ গোস্বামী দেৱে কোৱাৰ দৰে “অসমীয়া ভাষা কিজানি চিৰকাললৈ লোকৰ লাঠি চৰ খোৱা অৱস্থাতে থাকিলহেঁতেন। অসমীয়া ভাষাই যদি আজি কালি দিনে দিনে ঠন ধৰি উঠিছে আৰু ন ন ঠাল ঠেঙুলি মেলিছে সি কেৱল হেমচন্দ্ৰৰ যহতে আৰু যদি সি কেতিয়াবা ফুল ফুলাই অসম দেশত সৌৰভ বিলাব পৰা হয় সিও নিশ্চয় হেমচন্দ্ৰৰ যত্নতে হব।” সাহিত্যিক পেন্সনাৰ