পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত


নাছিল। স্কুল কলেজত পঢ়ি পৰীক্ষা পাছ কৰা কথা তেওঁৰ ভাগ্যত সমুলি ঘটা নাছিল। তেওঁ প্ৰথমতে টোলত সংস্কৃতীয়া শিক্ষাহে পাইছিল আৰু সিও অলপ দিনৰ কাৰণেহে। আন কি বৰ্ণমালাৰ আখৰ কেইটিও অ, আ, ই, ঈ, ইত্যাদি অনুক্ৰমে শিকিবলৈও ছেগ পোৱা নাছিল। তেওঁৰ আত্ম-জীৱন চৰিতৰপৰা দেখা যায় যে শব্দ সধাৰ নিয়ম শিকোঁতে বৰ্ণমালাৰ আখৰ চিনিব লগীয়া হৈছিল। তেওঁ শব্দ সাধোতে আখৰ চিনা আৰু তাহানি মুনিয়ে শিষ্যসকলক পাৰ পুহি পাৰবোৰৰ বেলেগ বেলেগ নাম ৰাখি আখৰ চিনোৱা প্ৰথা প্ৰায় একে আছিল। আগৰ শিক্ষা-বুৰঞ্জী আলোচনা কৰিলে দেখা যায় যিটো বস্তুৰ শিক্ষা দিব লাগে সেই বস্তুটোৰ প্ৰকৃত আকাৰ, প্ৰকৃতি, ভাব, ভঙ্গিতা সকলোকে দেখুৱাই শিক্ষা দিয়া হৈছিল। পেষ্টালজি ফ্ৰোবেল আদি শিক্ষাবিধিৰ পাকৈত পণ্ডিতসকলৰ এয়ে মত। আগৰ দিনীয়া শিক্ষা দানৰ যি প্ৰণালী আছিল সেই প্ৰণালীৰেহে হেমচন্দ্ৰৰ জীৱনত শিক্ষাৰ সুযোগ ঘটিছিল।

 হেমচন্দ্ৰৰ নিজ ভাষাত অলপ লিখা-পঢ়া কৰিব পৰা জ্ঞান হওঁতে দদায়েকে শিৱ সাগৰত ৪ টকা দৰমহাত শিক্ষা-নবিচ, কামত সুমাই দিয়ে। দদায়েক ইংৰাজী শিক্ষাৰ সম্পূৰ্ণ বিৰোধী আছিল। হেমচন্দ্ৰই পোনতে ইংৰাজী লুকাই চুৰ-কৰিহে পঢ়িব লগা হৈছিল। কিন্তু যাৰ গাত ভবিষ্যতে ডাঙ্গৰ হব পৰা লক্ষণ থাকে তাৰ জ্ঞান লিপ্সাত শতেক বাধা বিঘিনি একো নহয়। কেতিয়াবা দেখা যায় উদাৰ মহানুভৱ লোকৰ সংসৰ্গত সঙ্গীসকলৰ বিশেষ উপকাৰ হয়। যুধিষ্ঠিৰৰ নৰক দৰ্শনত জুলুকি জুলুকি কষ্ট খাই থকা প্ৰাণীসকলৰ দুখ নিবাৰণ হৈছিল। হেমচন্দ্ৰৰো