পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
হেমচন্দ্ৰ বৰুৱাব জীৱন চৰিত্ৰ


 হেমচন্দ্ৰ অসমীয়াৰ জাতীয় বীৰ। তেওঁ হাতত ধেনুকাড় লৈ বা হেংদাং মুঠ মাৰি ধৰি তেজৰ সোঁত বোৱাই ৰণ জয় কৰা বীৰ নহয়। দেশ বিদেশে ৰাজ্য জয় কৰি সমৰ ক্ষেত্ৰত শত্ৰুৰ মাজত জাতীয় পতাকা উৰোৱা বীৰ নহয়। তেওঁ বীৰ আছিল কাপেৰে ৰণ কৰা; ৰাজ্য জয় কৰিছিল ভাষা ক্ষেত্ৰত, শত্ৰু দমন কৰিছিল নিজ মাতৃ ভাষাৰ বিপক্ষী সকলক আৰু পতাকা উৰাইছিল স্বতন্ত্ৰ অসমীয়া ভাষাৰ। সেইবাবেই হেমচন্দ্ৰ আমাৰ পূজ্য আৰু কবিয়েও গাইছে “চন্দ্ৰ দিবাকৰ আই বসুমতী থাকে মানে জগতত অসমীয়া হেমচন্দ্ৰৰ পোহৰ জিলিকিব অসমত”। অসমীয়া ভাষা স্বতন্ত্ৰ ভাষা নে আন ভাষাৰ অপভ্ৰংশ, অসমীয়া বৰ্ণমালা সুকীয়া নে সংস্কৃতৰ অন্তৰ্গত; অসমীয়া বৰ্ণবিন্যাস কেবল উচ্চাৰণ অনুসৰি নে, প্ৰচলিত নিয়ম আৰু আন যুক্তিসিদ্ধ প্ৰণালীৰে হয়; অসমীয়া জাতিৰ আচাৰ পদ্ধতি আন সুসভ্য জাতিৰ দৰে পৰিমাৰ্জ্জিত হয় নে নহয়? : — ইত্যাদি অনেক বিষয় লৈ প্ৰকৃতপক্ষে হেমচন্দ্ৰ বৰুৱাই তয়াময়া ৰণ কৰিব লাগিছিল। তেওঁৰ কাপ, কাকত আৰু মৈলামৰ সংসৰ্গত এই আটাইবোৰ কথাৰ এনে সুমীমাংসা হৈছিল যে তাক আজি ভাবি চালে হেমচন্দ্ৰৰ যে অসমীয়ালৈ স্বাভাৱিক অনুপম অনুৰাগ আছিল তাৰ আৰু অন্যথা হব নোৱাৰে।

 জগতৰ সৰহভাগ ডাঙ্গৰ মানুহৰ বাল্য জীৱন নানা দুখ কষ্টেৰে, হৰেক বাধা বিঘিনিৰে পৰিপূৰ্ণ। হেমচন্দ্ৰৰ জীৱনৰো আদিভাগ তেনে ধৰণৰ। যদিও গুৰিত হেমচন্দ্ৰ ভিকহুৰ ঘৰৰ লৰা নাছিল তথাপি তেওঁৰ সৰুতে পিতৃ ঢুকালত নানা অসুবিধা ঘটছিল। হেমচন্দ্ৰ বিশ্ববিদ্যালয়ৰ খাপ খাই থকা পৰীক্ষা পাছ কৰি বিদ্যাৱন্ত বা জ্ঞানৱন্ত হোৱা শ্ৰেণীৰ লোক